District Administration Has Set Up A phone Number To Report Fires In Guwahati:দীপান্বিতাৰ সময়ত অগ্নিকাণ্ডৰ খবৰ দিবলৈ ফোন নম্বৰৰ ব্যৱস্থা জিলা প্ৰশাসনৰ

অগ্নিকাণ্ডৰ খবৰ দিবলৈ হেল্পলাইন নম্বৰ মুকলি  ৯৪৬৫৪-২৯৩১৪,১০৭৭( টোল ফ্ৰী),০৩৬১-২৭৩৭৬৮০

diwali in ghy

District Administration Has Set Up A Phone Number To Report Fires In Guwahati:

দীপান্বিতাৰ সময়ত সংঘটিত হ’ব পৰা সাম্ভাব্য অগ্নিকাণ্ড বা তেনেধৰণৰ দুৰ্ঘটনাৰ সময়ত তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ বিশেষ ব্যৱস্থা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে

দীপাৱলীৰ সময়ত সংঘটিত হ’ব পৰা অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দুটাকৈ ফোন নম্বৰ ৰাইজৰ বাবে মুকলি কৰিছে ৷ নম্বৰ দুটা হৈছে ৯৩৬৫৪২৯৩১৪ আৰু ১০৭৭ (টোল ফ্ৰি) ৷

দীপাৱলীৰ সময়ত জিলা দুৰ্যোগ নিয়ন্ত্ৰণ কেন্দ্ৰ সক্ৰিয় থাকিব আৰু ৰাইজৰ পৰা অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী, স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক অৱগত কৰিব ৷

ইয়াৰোপৰি অগ্নিকাণ্ডৰ খবৰ ৰাইজে অগ্নি নিৰ্বাপক কেন্দ্ৰৰ নম্বৰ ০৩৬১-২৭৩৭৬৮০ তো দিব পাৰিব ৷

Exit mobile version