GMC Meyor Mrigen Sarania Pressmeet: জিএমচিৰ মেয়ৰ মৃগেন শৰনীয়াৰ সংবাদমেল

দীপাৱলীত জিএমচিৰ বিশেষ পদক্ষেপ, ঘৰৰ পদূলিৰ পৰা জি এম চিয়ে সংগ্ৰহ কৰিব কলগছসমূহ, সংগৃহিত কলগছসমূহ হাতীৰ খাদ্যৰ বাবে দিয়া হ'ব বন বিভাগক

gmc meyor

GMC Meyor Mrigen Sarania Pressmeet:

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন৷দেশৰ লগতে অসমতো দীপাৱলীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যবাসীয়ে ৷ উত্তৰ – পূবৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীটো দীপাৱলীৰ বাবে মহানগৰবাসী সাজু হৈছে ৷ পোহৰৰ উৎসৱটিৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে লৈছে কেতবোৰ পদক্ষেপ ৷

আজি এক সংবাদমেলত মেয়ৰ মৃগেন শৰনীয়াই কয়, দীপাৱলীৰ বাবে মহানগৰীত বিক্ৰীৰ বাবে অনা কলগছ বিক্ৰীৰ স্থান নিৰ্ধাৰণ কৰিব নিগমে ৷

আনহাতে ঘৰৰ পদূলিত লগোৱা কলগছ দীপাৱলীৰ পাছদিনা য’তে ততে পেলাই নিদিবলৈ আহ্বান জনাই কয় যে, পৌৰনিগমে মহানগৰীবাসীৰ ঘৰৰ পদূলিৰ পৰাই সংগ্ৰহ কৰিব কলগছসমূহ ৷ সংগৃহীত কলগছসমূহ হাতীৰ খাদ্যৰ বাবে দিয়া হ’ব বন বিভাগক ৷

মেয়ৰ শৰণীয়াই আৰু কয় যে,কলগছ সংগ্ৰহ কৰিবৰ বাবে ইতিমধ্যেই দায়িত্ব দিয়া হৈছে এনজিঅ’ক ৷

দায়িত্বপ্ৰাপ্ত এন জিঅ’ৰ লোকসকল কলগছ সংগ্ৰহ কৰিব নগ’লে অভিযোগ দিবৰ বাবে মুকলি কৰা হৈছে বিশেষ নম্বৰ ৮৮১১০০৭০০ ৷

মেয়ৰ গৰাকীয়ে প্ৰতিটো পথ উপ-পথ স্বচ্ছ দীপাৱলীৰ বাবে স্বচ্ছ কৰি ৰখাৰ আহ্বান জনাই স্বচ্ছ পদূলি কৰি ৰখা পৰিয়ালৈ বিশেষ প্ৰমাণ পত্ৰ দিয়াৰ কথাও সদৰি কৰে ৷

আনহাতে ,মহানগৰীৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠালৈ আহ্বান জনাই শৰণীয়াই কয়, প্ৰতি খন দোকানত ৰাখিব লাগিব দুটাকৈ ডাষ্টবিন ৷ সেই ডাষ্টবিন সমূহ হ’ব লাগিব সেউজীয়া আৰু নীলা ৰঙৰ ৷

এতিয়াৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানে ডাষ্টবিন ৰখাটো বাধ্যতামূলক ৷ নিৰ্দেশনা অমান্য কৰিলে অনুজ্ঞাপত্ৰ বাতিল হ’ব বুলি উল্লেখ কৰে মেয়ৰ গৰাকীয়ে ৷

Exit mobile version