Nagaon Dist Congress President Suresh Bora Resigned From The Party:নগাঁও কংগ্ৰেছত ধুমুহা !

জিলা সভাপতি সুৰেশ বৰাৰ দলত্যাগ

suresh bora

Nagaon Dist Congress President Suresh Bora Resigned from The Party:

যিটো সময়ত বিজেপিক পৰাভূত কৰিবৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যৰ এঘাৰটাকৈ ৰাজনৈতিক দলে মিলিত হৈ বিৰোধী ঐক্যমঞ্চ গঠন কৰি মাৰাথন সাংগাঠনিক কুজকাৱাজ পূৰ্ণ গতিত অব্যাহত থকাৰ সময়তে নগাঁও জিলা কংগ্ৰেছত সৃষ্টি হৈছে খহনীয়া ৷

শুক্ৰবাৰে নগাওঁ জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই নিজৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে হঠাতে কৰে দলত্যাগ । এসময়ৰ প্ৰাক্তন আলফা তথা পৰৱৰ্তী সময়ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সান্নিধ্যলৈ আহি কংগ্ৰেছত যোগদান কৰি বিগত ১৫ টা বছৰৰো অধিক দিন কংগ্ৰেছৰ বিভিন্ন বিষয়বাবদ থাকি চলিতবৰ্ষৰ মাজভাগতে দায়িত্ব লাভ কৰিছিল জিলা কংগ্ৰেছৰ সভাপতি ৷

একেদৰে কলিয়াবৰৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ অতিকৈ ঘনিষ্ঠ সুৰেশ বৰাই দলত্যাগ কৰা বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে,জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই বৃহস্পতিবাৰে নিশা বঢ়মপুৰ বিধানমণ্ডল পৰ্যায়ৰ সকলো নেতাকে নিমন্ত্ৰণ জনায় এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।

ইয়াৰ পাছত শুক্ৰবাৰে পুৱা বৰাৰ নগাঁও চহৰৰ ইটাচালি বাসভৱনত সমষ্টিটোৰ সকলো নেতা, কৰ্মী পুনৰ একত্ৰিত হয়। তাৰ পাছতে তেওঁ দলত্যাগৰ কথা ঘোষণা কৰে।

আনহাতে তেওঁৰ পদত্যাগ পত্ৰ এপি চিচিৰ সভাপতিলৈ প্ৰেৰণ কৰা বুলি দলীয় নেতা- কর্মী সকলক অবগত কৰে যদিও এই পৰ্যন্ত ৰাজহুৱা ভাৱে মন্তব্য কৰা নাই সংবাদ মাধ্যমৰ আগত ।

প্ৰাপ্ত খবৰ অনুসৰি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক এজনেও কংগ্ৰেছৰ বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে ৷

উল্লেখ্য যে, ২০২১ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সুৰেশ বৰাই প্ৰতিদ্বন্দিতা কৰি বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হাতত মাত্ৰ ৭৫১ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।

ইয়াৰ পুৰ্বে দুটা নিৰ্বাচনত বঢ়মপুৰৰ পৰা অৱতীৰ্ণ হৈছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পৰাভূত হৈছিল ৷

ইতিমধ্যে জিলা কংগ্ৰেছৰ মুৰব্বী জনৰ পদত্যাগৰ পাছত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

Exit mobile version