Congress Defectors Suresh Bora, Paritosh Roy and TMC’s Dilip Sharma joined the BJP:
শুক্ৰবাৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা ত্যাগ কৰা সুৰেশ বৰা,যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয় আৰু তৃণমূল কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পদ ত্যাগ কৰা দিলীপ শৰ্মাই আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷
বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত যোগদান কাৰ্যসূচীত বিজেপিৰ সদস্যপদ গ্ৰহণ কৰে আন বহু সংখ্যক কংগ্ৰেছীয়ে ৷
আনহাতে, বাজপেয়ী ভৱনত আয়োজিত যোগদান অনুষ্ঠানত উপস্থিত আছিল অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা,মন্ত্ৰীদ্বয় পীযুষ হাজৰিকা,ডা:ৰণোজ পেগু,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়কদ্বয় ৰূপক শৰ্মা ,মানৱ বৰা সহ বহু কেইজন জ্যেষ্ঠ বিজেপি নেতা ৷
উল্লেখ্য যে,শুক্ৰবাৰে নগাওঁ জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই নিজৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে হঠাতে কৰে দলত্যাগ ।
মনকৰিবলগীয়া যে, ২০২১ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সুৰেশ বৰাই প্ৰতিদ্বন্দিতা কৰি বিজেপিৰ জিতু গোস্বামীৰ হাতত মাত্ৰ ৭৫১ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।
