Robots kill People By Throwing Them Into Machines: দক্ষিণ কোৰিয়াত ভয়ংকৰ ঘটনা !

পাচলিৰ বাকচ ভাবি মানুহক মেচিনলৈ দলিয়াই হত্যা ৰ'বটৰ

robet

Robots kill People By Throwing Them Into Machines:

মানুহক পাচলিৰ বাকচ বুলি ভাবি দলিয়াই পেলালে ৰ’বটে। ফলত গুৰুতৰ আঘাতত মৃত্যু হ’ল উক্ত ব্যক্তিৰ।

এই মর্মান্তিক ঘটনা সংঘটিত হ’ল দক্ষিণ কোৰিয়াত। প্রকাশিত বাতৰি অনুসৰি, ৪০ বছৰ বয়সীয়া উক্ত ব্যক্তিয়ে এটা পাচলিৰ গুদামত কাম কৰিছিল।

উক্ত গুদামত একাধিক ৰ’বটকো কামত নিয়োগ কৰা হৈছিল। গুদামত কাম-কাজ চলি থকাৰ সময়তে হঠাতে এটা ৰ’বটৰ অপ্রত্যাশিত আক্ৰমণত প্রাণ হেৰুৱালে ব্যক্তিজনে।
প্রসংগত উল্লেখ্য যে চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰ’বটৰ আঘাতত আক্রান্ত হ’ল দক্ষিণ কোৰিয়াৰ ব্যক্তি। প্ৰকাশিত বাতৰি অনুসৰি, উক্ত ব্যক্তিয়ে পাচলিৰ গুদামত বাকচত পাচলি ভৰাই পেকেজিং কৰি আছিল। পাচলি ভৰা বাকচ কনভেয়াৰ বেল্টত তুলি দিয়ে ৰ’বটে।

কিন্তু হঠাতে ৰ’বটে উক্ত ব্যক্তিক পাচলিৰ বাকচ বুলি ভাবি কনভেয়াৰ বেল্টত তুলি দিছিল। ফলত গুৰুতৰভাৱে আহত হৈছিল ব্যক্তিজন। উক্ত ব্যক্তিৰ দেহত কমেও ৫০ স্থানত আঘাত হৈছিল।

লগে লগে ব্যক্তিজনক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিলে। উল্লেখ্য যে এয়াই প্ৰথম নহয়, ৰ’বটৰ আক্ৰমণত মৃত্যুৰ ঘটনাত পূর্বেও দক্ষিণ কোৰিয়াত সংঘটিত হৈছিল।

যোৱা মাৰ্চত ৰ’বটৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৫০ বছৰীয়া এজন ব্যক্তি। গাড়ীৰ যন্ত্রাংশ তৈয়াৰ কৰা কোম্পানীৰ কৰ্মৰত ব্যক্তিজনক এটা ৰ’বটে কর্মক্ষেত্রতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

আঘাত গুৰুতৰ আছিল যদিও উক্ত ব্যক্তিৰ প্ৰাণ ৰক্ষা হৈছিল। কিন্তু এইবাৰ ৰ’বটৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দক্ষিণ কোৰিয়াৰ এইজন কৰ্মীয়ে।

Exit mobile version