State Bjp Pressmeet:এইবেলি জ্যোতিষীৰ ৰূপ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই : ৰাজ্যিক বিজেপি

জনতাৰ সহাঁৰিৰ অভাৰত মিথ্যাচাৰেই বিকল্প হৈছে কংগ্ৰেছৰ : মনোজ বৰুৱা

manoj baruah

State Bjp Pressmeet :

“শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ বিভিন্ন স্তৰৰ নেতৃত্বই ভাৰতীয় জনতা পার্টিক সমালোচনাৰ নামত ভিত্তিহীন আৰু তথ্যহীন বক্তব্যৰে জনসাধাৰণৰ মাজত ভুল বার্তা বিয়পাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

প্ৰকৃতাৰ্থত কংগ্ৰেছ দলে ৰাজ্যৰ জনসাধাৰণৰ মাজত নিজৰ ৰাজনৈতিক কর্মসূচী প্রত্যয়জনকভাৱে লৈ যাব নোৱাৰৰ বাবেই দলটোৰ নেতৃবৰ্গই চূড়ান্তভাবে হতাশগ্ৰস্ত হৈছে। কংগ্ৰেছৰ এই হতাশগ্রস্ততাৰ প্ৰতিফলন তেঁওলোকৰ যোৱা কেইদিনৰ বক্তব্যত স্পষ্টৰূপত প্ৰকাশ হৈছে।

এই বক্তব্য ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ।” দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি বৰুৱাই লগতে কম, বর্তমান কংগ্ৰেছ দলেই হওক বা কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সে সমকালীন ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ জনতাৰ মুঠেও সমর্থন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

তেওঁলোকে বিক্ষিপ্ত বা বিচ্ছিন্নভাবে গ্ৰহণ কৰা ৰাজনৈতিক কাৰ্যাৱলীসমূহতো জনতাৰ স্বতঃস্ফূর্ত সহাৰিৰ অভাৱ পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিভ্রান্তি বিয়পাই তোলাকে বিকল্প হিচাপে গ্রহণ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পূর্বতেও বিভিন্ন সময়ত বিভিন্ন তাৰিখ ঘোষণাৰে অসমত ৰাজনৈতিক ভূমিকম্প, চুনামী অহাৰ কথা ঘোষণা কৰিছিল।

বৰ্তমানেও জ্যোতিষীৰ ৰূপত আত্মপ্ৰকাশ কৰি ভূপেন বৰাই অহা ৩ ডিচেম্বৰত পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপি শূণ্য পৰিৱেশ সৃষ্টি হ’ব বুলি ঘোষণা কৰিছে। বৰঞ্চ আজিকোপতি তেখেতৰ এনে ঘোষণাৰ জৰিয়তে নিজকে হাঁহিয়াৰ পাত্ৰ হিচাপে প্ৰতিপন্ন কৰাৰ দৰে ৩ ডিচেম্বৰতো তেখেত পুনৰবাৰ মিছা প্ৰতিপন্ন হ’ব।

ইয়াৰ পৰিবৰ্তে অহা ১৬ নৱেম্বৰত ভূপেন বৰাৰ স্থিতি কপাই তেখেতৰ গৃহ সমষ্টি বিহপুৰীয়াত এক বৃহৎ সংখ্যক লোকে ভাৰতীয় জনতা পার্টিত যোগদান কৰিব বুলি মুখ্য মুখপাত্ৰগৰাকীয়ে সদৰী কৰে।

কংগ্ৰেছৰ অৰ্গ প্ৰচাৰৰ বিষয়ত দলৰ স্থিতি স্পষ্ট কৰি মুখ্য মুখপাত্র গৰাকীয়ে কয় নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত ভূপেন বৰাই তেখেতক সমালোচনা কৰি কৈছিল যে ১২ কোটি টকা ঠিকাৰ লোভতহে বিজেপিত যোগদান কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিয়া বক্তব্যক ভূলধৰণে উপস্থাপিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মনোজ বৰুৱাই অভিযোগ কৰে।

কংগ্ৰেছৰ এনে ষড়যন্ত্রকাৰী ভূমিকাক পৰিত্যাগ কৰিবলৈ সতৰ্ক কৰি দি মুখ্য মুখপাত্র গৰাকীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰ বা দলৰ সন্দৰ্ভত তথ্যভিত্তিক বক্তব্য ৰাখিবলৈ প্ৰত্যাহ্বান জনায়। আনহাতে কংগ্ৰেছ দলৰ নেতা ৰকিবুল হুছেইনৰ দৰে অজস্ৰ ৰাজহুৱা অভিযোগত অভিযুক্ত নেতায়ো শেহতীয়াকৈ বিজেপি দলক ৰাজনৈতিক সংস্কাৰৰ পাঠ পঢ়োৱাবলৈ যোৱাটো হাস্যকৰ বুলি ৰাজ্যিক বিজেপিয়ে মত পোষণ কৰে।

দুর্নীতি, ভ্ৰষ্টাচাৰ অনিয়মৰে অসমত নজিৰ সৃষ্টি কৰি থৈ যোৱা কংগ্ৰেছ দলৰ ভূপেন বৰা, ৰকিবুল হুছেইনৰ দৰে নেতাৰ পৰা সাধু-সন্তৰ দৰে প্ৰবচন অসমৰ জনসাধাৰণে গ্ৰহণ নকৰে বুলি বিজেপিয়ে স্পষ্ট কৰি দিয়ে।

Exit mobile version