Assam women’s boxer Barnali Baruah Saikia is held hostage in Nigeria:নাইজেৰিয়াত পণবন্দী অসমৰ মহিলা বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়া

এয়াৰপৰ্টত খেলুৱৈগৰাকীৰ ভিছা আৰু পাছপৰ্ট কাঢ়ি লয় এজন নাইজেৰিয়ানে, পণবন্দী কৰি মুক্তিপণ দাবী অপহৰণকাৰীৰ, খেলুৱৈ গৰাকীৰ স্বামীয়ে গুৱাহাটীত মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান

boxer kidneep

Assam women’s boxer Barnali Baruah Saikia is held hostage in Nigeria:

নাইজেৰিয়াত পণবন্দী অসমৰ এগৰাকী মহিলা বক্সাৰ । গুৱাহাটীৰ বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াক সুদুৰ নাইজেৰিয়াত অপহৰণকাৰীয়ে অপহৰণ কৰি গুৱাহাটীৰ পৰিয়ালক মুক্তিপণ দাবী ৷

উল্লেখ্য যে,খেলুৱৈ গৰাকী বেংগালুৰুৰ পৰা পৰা নাইজেৰিয়াৰ ৰাজধানী আবুৰ্জা বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতে এজন নাইজেৰিয়ান লোকে বৰ্ণালী বৰুৱা শইকীয়াৰ পাছপৰ্ট আৰু ভিছা কাঢ়ি লৈ প্ৰথমে এখন হোটেললৈ নি পাছত হোটেল খনৰ পৰা তিনি কিলোমিটাৰ দূৰৰ এটা ঘৰত পণবন্দী কৰি ৰাখিছে অপহৰণকাৰীয়ে

শেহতীয়াকৈ অপহৰণকাৰীয়ে মুক্তিপণৰ বাবে খেলুৱৈগৰাকীৰ গুৱাহাটীস্থ বাসগৃহৰ পৰিয়ালক ব্লেকমেইল কৰি আছে। এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে খেলুৱৈ গৰাকীৰ স্বামীয়ে ৷

প্ৰাপ্ত খবৰ অনুসৰি, ২৮ অক্টোবৰত বেংগালুৰুৰ পৰা নাইজেৰিয়ালৈ বক্সাৰ খেলুৱৈ বৰ্ণালী বৰুৱা শইকীয়া ফুৰিবলৈ গৈছিল। নাইজেৰিয়াৰ আবুৰ্জা বিমান বন্দৰত পূৰ্বতে তেওঁৰ স’তে পৰিচিত থকা কিং নামৰ নাইজেৰিয়ান লোকজনে কোনো কথাৰ অৱতাৰণা নকৰাকৈ বৰ্ণালীৰ  পাছপৰ্ট আৰু ভিছা কাঢ়ি লয় ৷ ইয়াৰ পূৰ্বে ভাৰতীয় টকা পাঁচলাখ ডলাৰলৈ পৰিৱৰ্তিত কৰাৰ নামত কাঢ়ি লয় ৷ তাৰ পিছৰে পৰা নাইজেৰিয়াত আবদ্ধ কৰি ৰখা হৈছে খেলুৱৈ গৰাকীক ৷

উল্লেখ্য যে,গুৱাহাটীৰ নিৱাসী বৰ্ণালী বৰুৱা শইকীয়াৰ স’তে যোৱা কিছুদিন ধৰি যোগাযোগ অব্যাহত আছিল পৰিয়ালৰ লগত ৷ কিন্ত দেওবাৰৰ পৰা কোনো যোগাযোগ নাই বক্সাৰ খেলুৱৈ গৰাকীৰ ৷ আনহাতে কিং নামৰ লোকজনে খেলুৱৈগৰাকীৰ মুক্তিপণৰ বাবে তেওঁৰ পৰিয়ালক ব্লেকমেইল কৰাৰ পিছতেই পৰিয়ালৰ লোকে বৰ্ণালীক উদ্ধাৰৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে।

ইতিপূৰ্বে বৰ্ণালী বৰুৱা শইকীয়াৰ স্বামীয়ে দিছপুৰ থানাত দাখিল কৰে এখন এজাহাৰ ৷
মনকৰিবলগীয়া যে,বক্সাৰ খেলুৱৈ বৰ্ণালী বৰুৱা শইকীয়াৰ স্বামীয়ে গুৱাহাটীত সাংবাদিকৰ আগত সদৰি কৰা মতে, কিং নামৰ যিজন নাইজেৰিয়ানে সম্প্ৰতি বনালীক পণবন্দী কৰি ৰাখিছে তেওঁ পৰিয়ালৰ পূৰ্বৰ চিনাকি ৷ আনকি দুবছৰ পূৰ্বে কিং গুৱাহাটীলৈ আহি বনাৰ্লীৰ পৰিয়ালৰ আতিথ্য গ্ৰহণ কৰিছিল ৷

শেহতীয়াকৈ পূৰ্বৰে পৰা চিনাকি থকা বৰ্ণালী বৰুৱা শইকীয়াক নাইজেৰিয়াত অকলে পাই ধনৰ লালসাত কিঙে পণবন্দী কৰি ৰখাক লৈ চিন্তাম্বিত হৈ পৰিছে বনালীৰ পৰিয়াল ৷

ইজনে সিজনক চিনাকী হোৱাৰ পাছতো কিঙে বনালীক ধন আহৰণৰ বাবে পণবন্দী কৰিছেনে ,নে ইয়াৰ আৰঁত আন কিবা ৰহস্য জড়িত হৈ আছে ৷

অৱশ্যে এই সকলো বিষয় দিছপুৰ আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰিলেহে সকলো তথ্য পোহৰলৈ আহিব ৷

আনহাতে সুদুৰ আফ্ৰিকান দেশখনত পণবন্দী হৈ থকা বক্সাৰ গৰাকীৰ উদ্ধাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ লোৱাটো কামনা কৰিছে সচেতন মহলে ৷

Exit mobile version