J&K  Doda Bus Accident:জম্মু- কাশ্মীৰৰ ড’দাত ভয়ংকৰ পথ দুৰ্ঘটনা

২০০ মিটাৰ তলৰ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, থিতাতে মৃত্যু ৩৬ যাত্ৰীৰ,সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ১৯ জনক

doda bus accident 1

J&K  Doda Bus Accident:

পৰ্বতীয়া ৰাজ্য জম্মু- কাশ্মীৰৰ ড’দাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ যাত্ৰীবাহী বাছ ২০০ মিটাৰ তলৰ খাৱৈত বাগৰি পৰে ৷ ফলত থিতাতে কৰুণ মৃত্যুক সাবটি লয় ৩৬ যাত্ৰীয়ে ৷ আনহাতে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ১৯ জন যাত্ৰীক ৷

ADVERTISEMENT

উল্লেখ্য যে, অভিশপ্ত বাছ খন কীষ্টোৱাৰৰ পৰা জম্মুলৈ গৈ থকাৰ পথত পাহাৰীয়া অঞ্চল ড’দাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটি ৷

ইতিমধ্যে এই শোকাৱহ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ সমবেদনা আৰু আহত সকলৰ আশু আৰোগ্য কামনা কৰি টুইট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

আনহাতে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা নিহত সকলৰ নিকট আত্মীয়লৈ দুই লাখ টকা আৰু আহত সকললৈ ৫০ হেজাৰ টকাৰ সাহায্য আগবঢ়োৱা কথা সদৰি কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Exit mobile version