World Cup Cricket 1st Semi-final:বিশ্বকাপ ক্ৰিকেটত মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত আজি প্ৰথম খন ছেমিফাইনেল

অপ্ৰতিৰোধ্য ভাৰতক জয়ৰ বাবে ক্ৰিছত নামিব টিম ইণ্ডিয়া, ফাইনেলসদৃশ এখন হাই ভল্টেজ ছেমিফাইনেল, যোৱা বিশ্বকাপৰ ৰাণাৰ্ছ-আপ আছিল নিউজিলেণ্ড, টচত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত টিম ইণ্ডিয়াৰ

cricket

World Cup Cricket 1st Semi-final:

ফাইনেলসদৃশ এখন হাই ভল্টেজ ছেমিফাইনেল অনুষ্ঠিত হৈছে মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত ৷ বিশ্বকাপ ক্ৰিকেটত ইতিমধ্যে অপ্ৰতিৰোধ্য ভাৰতক জয়ৰ বাবে ক্ৰিছত নামিব টিম ইণ্ডিয়া ৷ ফাইনেলসদৃশ এখন হাই ভল্টেজ ছেমিফাইনেলত আজি টিম ইণ্ডিয়াই সন্মুখীন হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে ৷

ইতিমধ্যে বিশ্বকাপত একেলেথাৰিয়ে ন খন খেলতে জয়ী হৈ অভিলেখ সৃষ্টি কৰা ভাৰত ইতিমধ্যে ফুল ফৰ্মত আছে ৷ উল্লেখ্য যোৱা বিশ্বকাপত ৰাণাৰ্ছ-আপ আছিল নিউজিলেণ্ড।

পূৰ্বৰ পুনৰাবৃতি কৰিবৰ বাবে সাজু হৈছে নিউজিলেণ্ড। উল্লেখ্য যে,মুম্বাইৰ ঐতিহাসিক ৱাংখাড়ে তেনেই চিনাকি টিম ইণ্ডিয়াৰ ৷ ২০১১ আৰু তাৰ পূৰ্বে ১৯৮৩ চনত ভাৰত জয়ী হৈছিল এই খন ষ্টেডিয়ামত ৷

আজি এইখন ষ্টেডিয়ামতে নিউজিলেণ্ডৰে ছেমিত মুখামুখি হ’ব ৰোহিত বাহিনী। সম্প্ৰতি অধিক আত্মবিশ্বাসী টীম ইণ্ডিয়া। মূল একাদশ প্ৰায় একেই থাকিব। ৰোহিত-গীলে মুকলি কৰিব দলৰ ইনিংছ। কোহলি-ৰাহুল-আয়াৰে চম্ভালিব মিডল অৰ্ডাৰ।

বলিঙতো অপৰিৱৰ্তিত।নিউজিলেণ্ড বধৰ বাবে সুকীয়াকৈ প্ৰস্তুত কৰিছে ৰণকৌশল। ভাৰতৰ প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ ফৰ্মত। ইতিমধ্যে ন খন খেলত প্ৰতিগৰাকী ক্ৰিকেটাৰ বলিং আৰু বেটিংত উজ্জ্বলি উঠিছিল ৷ আজি তাৰ পুনৰাবৃত্তিৰে ক্ৰিছত নামিব ভাৰতীয় দলটো ৷

আনহাতে ঢাল-তৰোৱাললৈ সাজু হোৱা ভাৰতক লৈ চিন্তিত কেন উইলিয়ামচন বাহিনী। কিন্ত সম্পূৰ্ণ শক্তিৰে সাজু হৈছে কিবি দলটোৰ খেলুৱৈ সকল ৷

আনহাতে ইতিমধ্যে সম্পন্ন হোৱা টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত টিম ইণ্ডিয়াৰ ৷

উল্লেখ্য যে, ক্ৰিকেট বিশেষজ্ঞ মহলে আগজাননী দিছিল যে আজি যিদলেই টছত জয়ী হ’ব তাৰেই ভাগ্য উদয় হোৱাৰ সম্ভাৱনা ৷ কিয়নো দ্বিতীয় ইনিংছত বেট কৰাটো মুঠেই সহজ নহ’ব। চলিত বিশ্বকাপৰ ৪খন মেচ অনুষ্ঠিত হৈছে ৱাংখাড়েত।

Exit mobile version