Income Tax Raid in Pratiksha Haspital:প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ প্ৰমোদ শৰ্মাৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

বৃহৎ কৰ ফাঁকিৰ অভিযোগ চিকিৎসালয়খনৰ বিৰুদ্ধে, ডাঃ প্ৰমোদ শৰ্মাৰ কে'বাটাও স্থানত অব্যাহত আয়কৰৰ অভিযান

pratiksha 1

Income Tax Raid in Pratiksha Haspital:

মহানগৰীৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ চিকিৎসালয় প্রতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰীৰ বাসগৃহত আয়কৰ বিভাগৰ মাৰাথন অভিযান ৷

ভি আই পি ৰোডৰ প্রতীক্ষা হাস্পতাল ,ডাঃ প্রমোদ শৰ্মাৰ বাসগৃহ আৰু তেওঁৰ কে’বাটাও স্থানত আয়কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, চিকিৎসালয়খনৰ বিৰুদ্ধে বৃহৎ কৰ ফাঁকিৰ অভিযোগ উদ্থাপিত হৈছিল ৷ একেদৰে চিকিৎসালয়খনৰ উপাৰ্জনৰ তথ্য নিয়মানুসাৰে লিপিবদ্ধ নকৰাৰো গুৰুত্বৰ অভিযোগ সময়ে সময়ে উদ্থাপিত হৈ আহিছিল ৷

স্মতৰ্ৱ্য যে,আই ভি এফ চিকিৎসাৰ বাবে বিখ্যাত হাস্পতাল খনত চিকিৎসাৰ বাবে ৰোগীয়ে ব্যয় কৰে বহু লক্ষাধিক টকা ৷ অসম তথা উত্তৰ – পূৰ্বাঞ্চল সহ চুবুৰীয়া ভূটান,নেপাল আৰু বাংলাদেশৰ নি:সন্তান দম্পতী চিকিৎসাৰ বাবে আহে প্রতীক্ষা হাস্পতাললৈ ৷ এনেক্ষেত্ৰত দৈনিক সংগ্ৰহ হয় বহু লক্ষাধিক টকা ৷

Exit mobile version