National Press Day Celebrated kamrup Metro Administration:কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

dc office press day

National Press Day Celebrated kamrup Metro Administration:

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ সহযোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ অতিৰিক্ত জিলা আয়ুক্ত ড:ধ্ৰুৱজ্যোতি হাজৰিকাৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত এখন সভাত গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকল উপস্থিত থাকে ৷

জ্যেষ্ঠ সাংবাদিক প্ৰণৱ বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ‘কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে৷ দ্য ছেন্টিনেল, নেচনেল হেৰাল্ড, দ্য টেলিগ্ৰাফ, ইণ্ডিয়া টুডেৰ দৰে প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা থকা সাংবাদিক বৰাই কয় যে কৃত্ৰিম বুদ্ধিমত্তাই কেতিয়াও এজন সাংবাদিকে ক্ষেত্ৰলৈ গৈ লিখাৰ দৰে বাতৰি লিখিব নোৱাৰে ৷

সহজ সৰল ভাষাত মানৱীয় দৃষ্টিৰে বাতৰি কৃত্ৰিম বুদ্ধিমত্তাৰে লিখাতো সম্ভৱ নহয়৷ তেওঁ উদাহৰণস্বৰূপে কয় যে ফটো এখনৰ বিষয়বস্তুৰ সঠিক বাছনি কৃত্ৰিম বুদ্ধিমত্তাই কৰিব নোৱাৰে, কিন্তু ফটোখন সম্পাদনা কৰাত ইয়াক ব্যৱহাৰ কৰিব পাৰি ৷

বৰ্তমান প্ৰাইড ইষ্ট সংবাদ প্ৰতিষ্ঠানত ৱেব এডিটৰ হিচাপে কৰ্মৰত সাংবাদিকগৰাকীয়ে প্ৰসংগক্ৰমে কয় যে ইন্টাৰনেট, টেলিভিছন, ডিজিটেল মিডিয়া আৰু বৰ্তমান জনপ্ৰিয় হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ সময়তো ছপা সংবাদ মাধ্যম উদ্যোগৰ বিকাশ অব্যাহত আছে ৷

Exit mobile version