State Cabinet At Janata Bhawan :কেবিনেটত সিদ্ধান্ত :একত্ৰীকৰণ হ’ব ছেবা-শিক্ষা সংসদ

৩ বছৰ পুৰণি ৰাস উদ্‌যাপন কমিটিলৈ ২৫ হাজাৰ টকা, মিচিং অধ্যুষিত ৰাজ্যৰ ১০ খন জিলাত আলি-আয়ে-লৃগাঙৰ চৰকাৰী বন্ধ

state cabinet

State Cabinet At Janata Bhawan :

আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কেবিনেটৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীদ্বয় জয়ন্তমল্ল বৰুৱা আৰু বিমল বৰাই কয়, শীঘ্ৰেই একত্ৰীকৰণ হ’ব ছেবা-শিক্ষা সংসদ ৷ আনহাতে ৰাজ্যৰ তিনিবছৰ পুৰণি ১৯০০ ৰাস উদ্‌যাপন কমিটিলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে ৷

আনহাতে মিচিং অধ্যুষিত ৰাজ্যৰ ১০ খন জিলাত আলি-আয়ে-লৃগাঙৰ দিনটো চৰকাৰী বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ৷

অহাবৰ্ষৰ পাঁচ ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ লগতে ৰাজ্যৰ পৌৰসভা সমূহত চৰকাৰী মনোনিত সদস্য সকলক পাৰিতোষিক দিয়াৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত ৷ একেদৰে খাচী- জয়ন্তীয়া স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ সিদ্ধান্ত লয় কেবিনেটে ৷

Exit mobile version