Heavy Rains Are Expected In Six States Including Assam On November 18 And 19:এজাক বৰষুণৰ জৰিয়তে কইনা খোজেৰে শীতৰ আগমন !

গুৱাহাটী,নগাঁও সহ কে'বা খনো জিলাত অব্যাহত কিনকিনিয়া বৰষুণ , ১৮ আৰু ১৯ নৱেম্বৰত অসম সহ ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

rain full

Heavy Rains Are Expected In Six States Including Assam On November 18 And 19:

এজাক বৰষুণৰ জৰিয়তে কইনা খোজেৰে শীতৰ আগমন ৷ কিছু গৰম আৰু ধুলিময় হৈ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আজি পুৱাৰে অব্যাহত থকা কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰীয়া বতাহে ঠাণ্ডা পেলাই সৰ্বত্ৰে ৷

শনিবাৰ আৰু দেওবাৰে অসম সহ উত্তৰ- পূৰ্বাঞ্চল ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই

উল্লেখ্য যে, বংগোপসাগৰ পৃষ্ঠত উৎপত্তি হোৱা ৬০-৭০ কিলোমিটাৰ গতিবেগত অহা ধুমুহাৰ ফলত উত্তৰ পূৰ্বৰ ৰাজ্য কেইখনত বৰষুণৰৰ সম্ভৱনাৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই হালধীয়া এলাৰ্ট জাৰি কৰা কৰিছে ৷

ইতিমধ্যে গুৱাহাটী আৰু ইয়াৰ উপকন্ঠৰ লগতে মধ্য অসমত কিনকিনিয়া বৰষুণৰ মাজতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ বিপৰীতে উজনি আৰু নামনি জিলা কেইখনৰ উপৰিও বৰাক উপত্যকাৰ কৰিমগঞ্জ,কাছাৰ আৰু হাইলাকান্দি ,পাৰ্বত্য জিলা ডিমা হাচাওৰ কেতবোৰ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷

আনহাতে অসম সহ চুবুৰীয়া চাৰি ৰাজ্য ক্ৰমে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা ,নাগালেণ্ডৰ লগতে পশ্চিমবংগ আৰু ওড়িশাত মুষলধাৰ বৃষ্টিপাতৰ আগজাননী দিছে
বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই।

আজি শুক্ৰবাৰৰ দিনটোত ৰাজ্যত গড় সর্বনিম্ন তাপমান ১৬ ডিগ্ৰী আৰু সৰ্বোচ্চ তাপমান ২৮ ডিগ্রী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে ৷

ইতিমধ্যে ৰাজ্যৰ কেতবোৰ জিলাত অব্যাহত থকা কিনকিনিয়া বৰষুণৰ মাত্ৰা বৃদ্ধি পালেই বতৰ অধিক ঠাণ্ডা হোৱাটো নিশ্চিত ৷

Exit mobile version