NRC Coordinator Pratik Hazela Did Not Appear In Court:আদালতত হাজিৰ হোৱাৰ কৰা বিৰত থাকিল এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা

সোঁশৰীৰে আদালতত হাজিৰৰ নিৰ্দেশ দিছিল কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশে,হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে

prateek Hajela

NRC Coordinator Pratik Hazela Did Not Appear In Court:

কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আজি হাজিৰ নহ’ল এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা

এন আৰ চিৰ বিত্তীয় অনিয়ম সন্দৰ্ভত কেগৰ ৰিপ’ৰ্টত প্ৰকাশ পাইছিল কেতবোৰ তথ্য ৷ এই সম্পৰ্কত চলচ্চিত্ৰ প্ৰযোজক তথা সমাজ সচেতক লুইত কুমাৰ বৰ্মনে হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিছিল কামৰূপ সত্র ন্যায়াধীশৰ আদালতত ৷

লুইত কুমাৰ বৰ্মনে তৰা গোচৰৰ ভিত্তিত আদালতে প্ৰতীক হাজেলালৈ জাৰি কৰে চমন । আদালতৰ চমন অনুসৰি আজি শুক্ৰবাৰে সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিছিল এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক গৰাকী । কিন্ত আজি আদালতত হাজিৰ হোৱাৰ পৰা বিৰত থাকিল এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক গৰাকী ৷

Exit mobile version