Hengerabai Incident:মহানগৰীত দিনদুপৰতে বৃদ্ধাক ডিঙি টেপি দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন

women

Hengerabai Incident:

অপৰাধী ৰম্যভূমিত পৰিণত হোৱা গুৱাহাটী মহানগৰত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈ থকা অপৰাধমূলক কাৰ্যৰ মাজতে সোমবাৰে হেঙেৰাবাৰীত এগৰাকী বৃদ্ধাক ডিঙি টেপি দুৰ্বৃত্তই লুট কৰি নিয়ে সোণৰ চেইন ৷

উল্লেখ্য যে,হেঙেৰাবাৰীত থকা বৃদ্ধা গৰাকীৰ দোকানলৈ এজন গ্ৰাহক হিচাপে অহা যুৱকে এটা চিপচ কিনে ৷ পাছত অতিৰিক্ত ধন ঘূৰাই দিবলৈ বৃদ্ধা গৰাকী আগবাঢ়োতেই পাছফালৰ পৰা বৃদ্ধা গৰাকীৰ  ডিঙি চেপি সোণৰ চেইন লৈ তৰিৎ গতিত উধাও হয় দুৰ্বৃত্তটো ৷ ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখ্য যে,দিছপুৰস্থ অসম সচিবালয়ৰ পৰা মাত্ৰ কিছু দূৰৰ হেঙেৰাবাৰীত ইয়াৰ পূৰ্বেও দুৰ্বৃত্তই দিন দুপৰতে থপিয়াই নিছিল সোণৰ চেইন ৷

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে এটাৰ পাছত আন এটা অপৰাধমূলক কাৰ্য অব্যাহত ৰাখিছে যদিও আৰক্ষী এই অপৰাধমূলক কাৰ্যৰোধত ব্যৰ্থতা প্ৰদৰ্শন কৰি অহাৰ অভিযোগ কৰিছে মহানগৰীৰ সচেতন মহলে ৷

Exit mobile version