Nagaon Encounter:নগাঁৱত পুনৰ এনকাউণ্টাৰ

ম'ষ্ট ৱান্টেড ড্রাগছ মাফিয়া হেকমত আলী আৰক্ষীৰ গুলীত আহত

drugs paddlar

Nagaon Encounter:

নগাঁৱত পুনৰ এনকাউণ্টাৰৰ ঘটনা ৷ সোমবাৰে নিশা চামগুৰিত আৰক্ষীৰ অভিযানৰ সময়ত জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰা এটা কুখ্যাত ড্ৰাগছ মাফিয়া আৰক্ষীৰ গুলীত আহত হয় ৷ গুলীবৃদ্ধ মাফিয়াটোৰ নাম হেকমত আলী।

প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে দিনৰ ভাগত এক গোপন সূত্ৰৰ পমখদি চামগুৰি আৰক্ষীয়ে হেকমত আলী নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াটোক কৰায়ত্ত কৰিছিল । পৰৱৰ্তী সময়ত নিশা মাফিয়াটোক লগত লৈ আৰক্ষীয়ে লুকুৱাই থোৱা ড্ৰাগছ সন্ধানৰ বাবে এক অভিযান চলাই থকা অৱস্থাতে এন্ধাৰৰ সূযোগ গ্ৰহণ কৰি পলায়নৰ চেষ্টা কৰে ৷

আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে ৷ ফলত গুলীবৃদ্ধ হৈ আহত হয় ড্রাগছ মাফিয়া হেকমত আলী ৷

পাছত আৰক্ষীয়ে আহত ড্ৰাগছ পেডলাৰটোক নগাঁও চিভিল হাস্পতালত ভৰ্তি কৰে ৷ উল্লেখ্য যে,কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলীয়ে চামগুৰি সহ কেতবোৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছিল ।

Exit mobile version