Mangaldai Accident:মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা 

থিতাতে মৃত্যু এজনৰ, গুৰুত্বৰভাৱে আহত দুজন

accident 2

Mangaldai Accident:

মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰীপাৰা বাহঁবজাৰৰ সমীপত ৰাতিপুৱা ৫:৪৫ বজাত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা

তিনিকিশোৰ ঘৰৰ পৰা টিউচনলৈ মটৰ চাইকেলেৰে গৈ থকাৰ সম‌য়ত বিপৰীত মূখী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ । এজন থিতাতে  নিহত হয় আৰু আন দুজনক সংকটজনক অবস্থাত বৰ্তমান মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

জানিব পৰা মতে মটৰ চাইকেল খনত তিনিজন কিশোৰ আছিল, তিনিওজন নৱম শ্ৰেণীৰ ছাত্ৰ । তিনিওজনে মঙ্গলদৈ বাঘপৰিৰ বুলি জানিব পৰা গৈছে । মৃত কিশোৰ কেইজনৰ নাম ৰফিকুল ইছলাম,(১৬) আহত দুজন ক্ৰমে আব্দুল গনি(১৬) আৰু ৰাজিদুল হক(১৬) ।

Exit mobile version