Late Former Chief Minister Tarun Gogoi Is On His Third Death Anniversary Today:
ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী ৷ এই উপলক্ষে বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মহানগৰীস্থ মুখ্য কাৰ্যালয় ৰাজিৱ ভৱনত কে’বা গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ পুৱাতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিকৃতিত মাল্যাপৰ্ণ কৰে এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী,মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ সহ বহু কেইগৰাকী নেতা- কৰ্মীয়ে ৷
উল্লেখ্য যে,আজি ৰাজ্যজুৰি জিলা আৰু মণ্ডল কংগ্ৰেছ কমিটি সমূহেও প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ তৃতীয় মৃত্যু বাৰ্ষিকীত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি স্মৰণ কৰে ৷
ৰাজ্যত একেৰাহে তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী আসন শুৱনি কৰা অবিসংবাদী বৰ্ষীয়ান কংগ্ৰেছ নেতা তৰুণ গগৈ ২০২০ চনৰ ২৫ আগষ্টত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷
প্ৰৱীণ নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সেই সময়ৰ সৰ্বানন্দ সোনোৱাল চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিছিল ৷
আনহাতে পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে মৰনোত্তৰভাৱে আগবঢ়াই পদ্ম ভূষণ সন্মান ৷