AASU Announces New Committee: আছুৰ নতুন কেন্দ্ৰীয় কমিটি ঘোষণা

সভাপতিৰ পদত উৎপল শৰ্মা, সাধাৰণ সম্পাদকৰ শংকৰজ্যোতি বৰুৱা, মৰিগাঁৱৰ অষ্টাদশ অধিৱেশনৰ বিষয় বাছনি সভাত দায়িত্ব প্ৰদান কৰা হয় দুয়ো গৰাকী আছু নেতাক

assu 1

AASU Announces New Committee:

সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁৱত অনুষ্ঠিত হোৱা অষ্টাদশ অধিৱেশনৰ বিষয় বাছনি সভাত আছুৰ ২০২৩-২৭ৰ নতুন কেন্দ্ৰীয় কমিটী ঘোষণা কৰা হয় ৷ আছুৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক পদত পুনৰ শংকৰজ্যোতি বৰুৱা

ADVERTISEMENT

উৎপল শৰ্মা পূৰ্বৰ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি থকাৰ বিপৰীতে শংকৰজ্যোতি বৰুৱা দ্বিতীয়বাৰৰ বাবে সাধাৰণ সম্পাদক পদত অধিস্থিত হয় ৷

আনহাতে আন বিষয়ববীয়া সকল হ’ল মুখ্য সাংগঠনিক সম্পাদকৰ পদত নয়নজ্যোতি দাস,কেন্দ্রীয় শিক্ষা সম্পাদক পদত টুটুমণি কলিতা, কেন্দ্রীয় বিত্ত সম্পাদক পদত নির্বাচিত গৌৰীশংকৰ শইকীয়া,প্ৰচাৰ সম্পাদক পদত ৰূপম দাস, সাংস্কৃতিক সম্পাদক পদত বিতোপন শর্মা, তথ্য সম্পাদক পদত হিৰণ্য কুমাৰ ৰায়, সাহিত্য সম্পাদক পদত নিহাৰিকা শইকীয়া , ক্রীড়া সম্পাদক পহত সীমান্ত নেওগ আৰু কার্যালয় সম্পাদক ভৱজ্যোতি ডেকাক নিৰ্বাচিত কৰা হয় ৷

উল্লেখ্য যে,মৰিগাঁও অধিৱেশনত সংবিধান সংশোধন কৰি কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল চাৰিবছৰীয়া কৰা হয় ৷

আনহাতে ২০২৩-২৭ৰ নতুন কেন্দ্ৰীয় কমিটীত কাৰ্যনিবাহক সদস্য ৰূপে নিৰ্বাচিত হয় ২৯ গৰাকী আছু নেতাক ৷

মনকৰিবলগীয়া যে,ড:সমুজ্জ্বল ভট্টাচাৰ্যক পুনৰ আছুৰ মুখ্য উপদেষ্টা পদত অধিস্থিত কৰা হয় ৷

Exit mobile version