Nagaon Bhauna Samaruh:আজিৰে পৰা নেহৰুবালিৰ ভক্তিস্থলত আৰম্ভ নগাঁও ভাওনা সমাৰোহ

bhauna samaruh 2

Nagaon Bhauna Samaruh:

নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ ভক্তিস্থলত আজিৰ চাৰিদিনীয়াকৈ নগাঁও ভাওনা সমাৰোহ অনুষ্ঠিত হয় মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কৰাৰ লক্ষ্যৰে ২০১২ৰ পৰা নগাঁও ভাওনা সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত নগাঁও ভাওনা সমাৰোহ অনুষ্ঠিত কৰি অহা হৈছে।

ব্ৰজাৱলী ভাষাত অনুষ্ঠিত এই ভাওনা সমাৰোহে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি আহিছে। কাৰ্যসূচী অনুসৰি আজি পুৱা ধর্মধ্বজা উত্তোলনৰে সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি তিলক চন্দ্র মজুমদাৰে।

ইয়াৰ পাছতে পুৱাৰ ভাগত শ্রদ্ধাঞ্জলি অনুষ্ঠান, শ্রীশ্রী এতে বটদ্ৰবা থানৰ পৰা ভক্তিস্থললৈ নিৰ্মালি , গুৰু আসন প্রতিষ্ঠা আৰু নাম-প্রসংগ আদি কাৰ্যসূচী অনুষ্ঠিত হয়।

আনহাতে বিয়লি এক বজাত ভাওনা সমাৰোহ উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱ গোস্বামীয়ে। ইয়াৰ পাছতে শ্রীকৃষ্ণৰ দশ অবতাৰ নৃত্য প্রদর্শন, শিশু সকলৰ দ্বাৰা কৃষ্ণ আৰু  শংখচূড় ভাৱৰীয়া প্রতিযোগিতা অনুষ্ঠিত হয়।

২৫ নবেম্বৰত পুৱা নাম-প্রসংগ অনুষ্ঠিত হোৱাৰ পাছত দিহানাম প্রতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া সাতখন খোলাত একেলগে ‘ৰক্মিণী হৰণ’ অংকীয়া ভাওনা প্রদর্শন কৰা হ’ব।

উল্লেখ্য যে,ভাওনা উদ্বোধন কৰিব শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব নগাঁৱৰ বিধায়ক ৰূপক শর্মাই।

নিজ ডিমৌ, নগাঁও, তুলসীমুখ, শিমলুগুৰি, পুৰণিগুদাম, ধিং, দক্ষিণপাট শাখাই নাট প্রদর্শন কৰিব। ২৬ নৱেম্বৰত পুৱা নাম-প্রসংগ, বিয়লি দিহানাম প্রতিযোগিতা মুকলি কৰিব নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই।

সন্ধিয়া সাতখন খোলাত ৰামায়ণ, মহাভাৰতৰ আধাৰত অংকীয়া ভাওনা প্রদর্শন কৰা হ’ব। ভাওনা উদ্বোধন কৰিব শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱ মহন্তই। বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব বিধায়ক শশীকান্ত দাসে। চাপৰমুখ, টাঙোনধৰাগাঁও, টাউন পানীগাঁও, শিমলুগুৰি, পুৰণিগুদাম, শংকৰ মাধর শিল্পী সমাজ, দক্ষিণপাট শাখাই নাট প্রদর্শন কৰিব। ২৭ নৱেম্বৰৰ সামৰণিৰ দিনা পুৱা নাম- প্রসংগ, দুপৰীয়া আধ্যাত্মিক অনুভৱৰ আত্মকথা ৰোমন্থন আৰু প্রীতি সম্মিলন অনুষ্ঠিত হ’ব।

স্মৃতিগ্রন্থ উন্মোচন কৰিব মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মৃদুল হাজৰিকাই। সন্ধিয়া সাতখন খোলাত ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি কেলিগোপাল নাট প্রদর্শন কৰা হ’ব। নাট উদ্বোধন কৰিব নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে।

বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰাই। নিশা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব। ভাওনা সমাৰোহৰ আটাইকেইদিনৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ দুর্লভ চমুৱাই ভক্তপ্রাণ ৰাইজক আহ্বান জনাইছে ।

Exit mobile version