Silchar Police Seized Yaba Tablets:শিলচৰত আৰক্ষীৰ অভিযানত জব্দ ৫০ হেজাৰ য়াবা টেবলেট

গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

yaba tablet

Silchar Police Seized Yaba Tablets:

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে কঠোৰস্থিতি লৈ থকাৰ মাজতে শুক্ৰবাৰে পুৱতি নিশা শিলচৰ আৰক্ষীয়ে জব্দ কৰে ৫০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট

বিশেষ সূত্ৰৰ পমখেদি কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত এটা আৰক্ষী দলে শিলচৰ চৈয়দপুৰত এখন‌ বাইকত অৰ্তকিতে তালাচী চলাই জব্দ কৰে উল্লিখিত পৰিমাণৰ টেবলেট খিনি।‌

আৰক্ষীয়ে টেবলেট সৰবৰাহৰ অভিযোগত ধলাই জাৰাইলতলাৰ আলেনবি পথমি নামৰ ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰে ৷ আনহাতে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ছইদপুৰৰ পৰা পাৰভেজ চুলতান মজুমদাৰ নামৰ‌ আন এজন‌ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,জব্দকৃত য়াবা টেবলেটৰ মুল্য ১০ কোটি টকা হ’ব বুলি সদৰি কৰে আৰক্ষীয়ে ৷ আনহাতে বুজন পৰিমাণৰ এই য়াৱা টেবলেট খিনি চুবুৰীয়া মিজোৰামৰ কলাছিব জিলাৰ ছাইফাইৰ পৰা কাছাৰলৈ সৰবৰাহ‌ কৰা হৈছিল ৷

Exit mobile version