North Kashi Tunnel Accident:উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ সুৰংগ দুর্ঘটনা

সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকৰ উদ্ধাৰত পুনৰ বাধা,আকৌ অনিশ্চয়তা ,ব্যৰ্থ অত্যাধুনিক অগাৰ মেচিন

north KASHI 1

North Kashi Tunnel Accident:

হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ সুৰংগ দুর্ঘটনাত সুৰংগত আবদ্ধ ৪১ শ্ৰমিকৰ উদ্ধাৰ অভিযানত আকৌ বাধাৰ সন্মুখীন হয় এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দল ৷

শুক্ৰবাৰে অ’গাৰ ড্রিলিং মেচিনেৰে খননকাৰ্য চলাই চলোৱাৰ সময়তে ধাতুৰ পদাৰ্থত আঘাতৰ বাবে দ্বিতীয়বাৰৰ পৰা বন্ধ হয় অভিযান ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে ড্রিলিং মেচিনতে ঘটিছিল বিসংগতি যাৰবাবে কিছু ঘন্টাৰ বাবে স্থগিত ৰখা হয় অভিযান ৷ পাছত মেৰামতি কৰি পুনৰ খনন কাৰ্য আৰম্ভ কৰোতেই এইবাৰ ড্রিলিং মেচিনৰ খুন্দা কঠিন ধাতুৰ পদাৰ্থত পৰাত আন এক বাধাৰ সন্মুখীন হয় উদ্ধাৰকাৰী দল ৷

মনকৰিবলগীয়া যে,যোৱা ১২ নৱেম্বৰৰ পৰা চৈধ্য দিনজুৰি যুদ্ধকালীন গতিত আৰম্ভ হোৱা উদ্ধাৰ অভিযান শুক্ৰবাৰে শেষ পৰ্যায়ত উপনিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল ৷ আনকি মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিক সকলৰ স’তে ম’বাইলৰে বাৰ্তালাপ কৰি তেওঁলোকক সাহস যোগাইছিল ৷

শুক্ৰবাৰে সুৰংগৰ খনন আৰম্ভ কৰি কেইমিটাৰমান আগবঢ়াৰ পিছতে কঠিন ধাতুৰ পদার্থত অগাৰ মেচিনৰ পাংখা লাগি ধৰে। ফলত খননকার্য আগুৱাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈ শেহতীয়াকৈ পুনৰ বিশেষজ্ঞসকলে নতুন সমস্যা সমাধানৰ উপায় বিচাৰি আছে।

উল্লেখ্য যে,অত্যাধুনিক অগাৰ ড্রিলিং মেচিনটোৱে এতিয়ালৈকে ৪৬.৮ মিটাৰ দূৰত্ব খান্দিছিল ৷ আৰু মাত্ৰ কেইমিটাৰমান গ’লেই সুৰংগ ভাগি পৰা অংশটো পোৱা যাব বুলি নিশ্চিত হয় বিশেষজ্ঞসকলে ৷ কিন্তু উল্লিখিত অংশলৈ ধাবমান হোৱাৰ সময়তে বাৰে পতি সন্মুখীন হ’বলগীয়া হৈছে ইটোৰ পাছত সিটোকৈ বাধা ৷

শেহতীয়া খবৰ অনুসৰি,এতিয়া আৰু এই অত্যাধুনিক অগাৰ মেচিনৰে খননকাৰ্য কৰিব পৰা নায়াব বুলি নিশ্চিত কৰিছে এছ ডি আৰ এফে ৷ এতিয়া আন বিকল্প পথৰ সন্ধানত উঠিপৰি লাগিছে এছ ডি আৰ এফৰ বিদেশী বিশেষজ্ঞ দলটো ।

Exit mobile version