Sasal:চচলত প্ৰতিবাদস্থলীত দুই মিছিং জনগোষ্ঠীয় সংগঠনৰ মাজত বাকবিতণ্ডা

প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা মিচিং সচেতন সমাজক ভুৱা আখ্যা টিএমপিকেৰ

sasal

Sasal

শণিবাৰে পুৱা চচলৰ প্ৰতিবাদস্থলীত বাকবিতণ্ডাৰ দুই মিছিং সংগঠনৰ মাজতে ৷ আলি আই লৃগাংৰ দিনটোক চৰকাৰী বন্ধ হিচাপে ঘোষণাৰ দাবীৰত মিচিং সচেতন সমাজ নামৰ সংগঠনটোৱে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল চচলত ৷

এই কাৰ্যসুচী ৰূপায়ণ হৈ থকাৰ মাজতে প্ৰতিবাদস্থলীত উপস্থিত হয় মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন টিএমপিকে আৰু টিএম এম কেৰ নেতা-কৰ্মী ৷ বন্ধৰ দাবীত প্ৰতিবাদ কৰিবলৈ অহা মিচিং সচেতন সমাজৰ কৰ্মকৰ্তাৰে টিএমপিকে আৰু টিএম এম কেৰ নেতা-কৰ্মীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ মাজতে মিচিং সচেতন সমাজৰ নগাঁৱৰ চামগুৰিৰ এগৰাকী নেত্ৰী ৰণচণ্ডী ৰূপত অৱতীৰ্ণ হয় ৷

আনহাতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা মিচিং সচেতন সমাজক ভুৱা আখ্যা দিয়ে টিএমপিকে আৰু টিএম এম কেই ৷

Exit mobile version