Youth Arrested For Beating Elderly Woman:কাহিলিপাৰাত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ওপৰত বীৰত্ব যুৱকৰ

ৰাজপথৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰা পাষণ্ড অৰূপ শৰ্মাক গ্ৰেপ্তাৰ

kahilapara incident

Youth Arrested For Beating Elderly Woman:

মহানগৰীৰ মাজমজিয়াৰ কাহিলাপাৰাত দিন দুপৰতে এগৰাকী বৃদ্ধাক ৰাজপথৰ ওপৰতে এজন যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সদাব্যস্ত ৰাজপথৰ ওপৰত বয়োজ্যেষ্ঠা মহিলা গৰাকীক যুৱকজনে পেলাই লৈ থেকেচি থেকেচি প্ৰহাৰ কৰাৰ সময়তে আগবাঢ়ি নাহিল কোনো এজন লোক ৷

উল্লেখ্য যে,মহিলা গৰাকীয়ে যুৱকজনৰ দোকানৰ পৰা এটা চকলেটৰ টেমা নিয়াক লৈ এইদৰে ৰাজপথৰ ওপৰত পেলাই লৈ উপযুপৰি মাৰপিট কৰিছিল যুৱকজনে ৷

মহিলা গৰাকীক প্ৰহাৰ কৰাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে লোৱা নাছিল কোনো পদক্ষেপ ৷

পাছত তীব্ৰ প্ৰতিক্ৰিয়া আৰু মহিলা গৰাকীক প্ৰহাৰ কৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাত ওদালবাক্ৰা আৰক্ষীয়ে অৰূপ শৰ্মা নামৰ পাষণ্ডটোক আটক কৰিবলৈ বাধ্য হয় ৷

 

 

Exit mobile version