Complications Over The Winter Session Of The Assembly:বিধানসভাৰ শীতকালীন অধিবেশনক লৈ জটিলতা !

মুখ্যমন্ত্ৰীৰ সঁহাৰি নাই, বছৰত তিনিখন অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, অধিবেশন নহ'লে বিধানসভাই দায়ী হ'বঃ বিৰোধী দলপতি

assembly

Complications Over The Winter Session Of The Assembly:

বিধানসভাৰ শীতকালীন অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিধানসভা সচিবালয়ে গভীৰ অস্বস্তিত পৰিছে । কিয়নো অহা পাঁচ ফেব্রুবাবীৰ পৰা বাজেট অধিবেশন অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্রহণ কৰা হৈছে ৷

অথচ তাৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া শীতকালীন অধিৱেশনক লৈ কোনো উমঘাম নাই। নৱেম্বৰ-ডিচেম্বৰত শীতকালীন অধিবেশন বহিবই লাগে।

তাৰ বাবে প্রস্তুতি ইতিমধ্যে আৰম্ভ হ’ব লাগিছিল। কিন্তু এই পর্যন্ত মুখ্যমন্ত্রীয়ে কোনো সঁহাৰি নিদিয়া বাবেই বিধানসভা সচিবালয়তো এতিয়া অধিবেশনৰ কোনো কাম আৰম্ভ হোৱা নাই।

উল্লেখ্য যে অসম বিধানসভাৰ তিনিখন অধিবেশন বছৰত অনুষ্ঠিত হ’ব লাগে বুলি বিগত ২০১৮ত বিধানসভাতে সর্বসম্মত সিদ্ধান্ত গৃহীত হৈছিল। যদিহে শীতকালীন অধিবেশন অনুষ্ঠিত নহয়, তেনেহ’লে বিধানসভাই নিজে গ্রহণ কৰা সিদ্ধান্ত নিজেই ভংগ কৰা হ’ব।

বিধানসভা সচিবালয়ৰ সূত্রই জনায় যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিবেশন অনুষ্ঠিত কৰাৰ প্রস্তাৱ নিয়ম অনুসৰি মুখ্যমন্ত্ৰীক দাখিল কৰিছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষৰ লগত কথা পাতি দিন চূড়ান্ত কৰিব লাগে। তাৰ পাছত ৰাজ্যপালৰ অনুমোদনৰ বাবে তাৰিখসহ প্ৰস্তাৱটো প্ৰেৰণ কৰিব লাগে।

ৰাজ্যপালে তাত অনুমোদন দি অধিবেশন আহ্বান কৰিব লাগে। সেই অনুসৰি নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত শীতকালীন অধিবেশন অনুষ্ঠিত হয়।

শীতকালীন অধিবেশন অনুষ্ঠিত কৰাক লৈ সৃষ্টি হোৱা পৰিস্থিতিক লৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই মন্তব্য কৰে যে যদিহে শীতকালীন অধিবেশন অনুষ্ঠিত নহয় তেনেহ’লে বিধানসভা নিজেই দায়ী হ’ব। কাৰণ বছৰত তিনিখন অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বিধানসভাই লৈছিল।

তদুপৰি বিধানসভা অধিবেশন এখনৰ গুৰুত্ব হ’ল অপৰিসীম। শইকীয়াই লগতে কয়, ‘অধ্যক্ষই মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি শুনিছো। অধ্যক্ষই প্রস্তাবটো কি ধৰণে প্ৰেৰণ কৰিছে সেয়াও চার লগিব। কিন্তু এইটো ঠিক যে শীতকালীন অধিবেশন হ’ব লাগে। ইতিমধ্যে তাৰ কাম-কাজ চলিব লাগিছিল।’

উল্লেখ্য যে এইবাৰৰ শীতকালীন অধিবেশনখন কোকৰাঝাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। বিধানসভাতে কোকৰাঝাৰত অধিবেশন পতাব ঘোষণা স্বয়ং অধ্যক্ষ দৈমাৰীয়ে কৰিছিল।

যেতিয়াই অধ্যক্ষই কোকৰাঝাৰত অধিবেশন পতাৰ প্রস্তাৱটো মুখ্যমন্ত্ৰীক দিছিল,মুখ্যমন্ত্রীয়ে তাক পোনছাটেই নাকচ কৰে। বিধানসভাৰ অধিবেশন এখন স্থায়ী গৃহৰ পৰা উঠাই নি অস্থায়ীভাবে কোনো স্থানত অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰীয়ে নাকচ কৰে।

Exit mobile version