Humen – Elephant Conflict In Creases In Baksa:বাক্সাত হাতী মানুহৰ সংঘাত বৃদ্ধি

হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বিশেষ পন্থা অৱলম্বন

basdka 1

Humen – Elephant Conflict In Creases In Baksa:

বিটিএডিৰ অন্তৰ্গত বাক্সাত শীতৰ আগমনৰ লগে লগে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ভৈয়ামত সন্ত্ৰাস সৃষ্টি কৰি অহাত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷

শেহতীয়াকৈ হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বিশেষ পন্থা অৱলম্বন’ গ্ৰীণ গ্ল’ব’ নামৰ বেচৰকাৰী সন্থাটোৱে লৈছে বিশেষ পদক্ষেপ ৷ সন্থাটোৱে চিলিৰোপ পন্থা হাতত হৈছে ৷

বাক্সাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কদমতলাত সোমবাৰৰ পৰা আৰম্ভ কৰা হৈছে চিলিৰোপ পন্থা ৷ এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে বিটিআৰৰ অধ্যক্ষ কাটি ৰাম বড়োই ৷

উল্লেখ্য যে, অত্যাধুনিক এই ব্যৱস্থাৰ জৰিয়তে ক্ৰমাৎ বৃদ্ধি পোৱা হস্তী- মানুহৰ সংঘাত হ্ৰাস পোৱাৰ আশা কৰিছে গ্ৰীণ গ্ল’ব- এ ৷

Exit mobile version