Ulfa(I) Flag In Baihata Chariali NH: সদাব্যস্ত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আলফা স্বাধীনৰ পতাকা !

ulfa i flug

Ulfa(I) Flag In Baihata Chariali NH:

সদাব্যস্ত ৰাজপথত উৰিল আলফা স্বাধীনৰ উদিত সূয্যৰ পতাকা ৷ কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিষিদ্ধ সংগঠনটোৰ পতাকাৰ উপস্থিতিয়ে সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ ৷

পুনৰ ৰাজ্যত উৰিল সংযুক্ত মুক্তি বাহিনী,অসম (স্বাধীন)ৰ পতাকা। এইবাৰ কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিত উৰিল সংগঠনটোৰ পতাকা।

ইতিমধ্যে আৰক্ষীয়ে পতাকাখন আতঁৰাই লৈ যায় ৷ কোনে কেতিয়া এইদৰে ৰাজপথত পতাকা খন সংস্থাপন কৰি যায় এই সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version