Kokrajhar Murder : কোকৰাঝাৰৰ বিধানপল্লীত চাঞ্চল্যকৰ হত্যাকাণ্ড

অকলশৰীয়া দম্পতীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ, দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী,গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী মধুমিতা বেনাৰ্জী

murder 1

Kokrajhar Murder :

:কোকৰাঝাৰ চহৰৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। অকলশৰীয়াকৈ থকা এহাল বয়োজ্যেষ্ঠ দম্পতীক শোৱাপাটীতে দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে  ৷ এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় বুধবাৰে পুৱতি নিশা ৷

কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী (৭০) আৰু তেওঁৰ পত্নী তথা ডি এন হিম্মতসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা চক্ৰৱৰ্তী (৬৫) দাৰে ঘপিয়াই আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে  ৷ দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত থিতাতে মৃত্যু হয় তপন চক্ৰৱৰ্তীৰ ৷ আনহাতে গুৰুত্বৰ ভাবে আহত হয় মধুমিতা চক্ৰৱৰ্তী ৷

উল্লেখ্য যে,অকলশৰীয়া দম্পতী হালৰ পুত্ৰ থাকে বেংগালুৰুত আৰু জীয়ৰী থাকে আমেৰিকাত ৷ ঘটনা সংঘটিত হোৱাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কোকৰাঝাৰ আৰক্ষীয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তেজ লগা এখন দা উদ্ধাৰ কৰিছে৷

আৰক্ষী প্ৰাৰম্ভিক তদন্তত কেতবোৰ তথ্য আহৰণ কৰা অনুসৰি তেওঁলোকৰ ঘৰত অংশকালীন বনকৰা মহিলা গৰাকী আৰু কিছুদিন পূৰ্বে ঘৰত ৰং দিয়া মিস্ত্ৰীজনক ৷ইতিমধ্যে সন্দেহৰ আবৰ্তত থকা বনকৰা মহিলা গৰাকী আৰু ঘৰত ৰং দিয়া মিস্ত্ৰীজন পলাতক অৱস্থাত আছে ৷ এনে প্ৰেক্ষাপটত আৰক্ষী নিশ্চিত হৈছে যে পলায়ন কৰা দুয়োজন হত্যাকাণ্ডৰ স’তে জড়িত ৷

আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version