Robbery Incidents In Jorhat :যোৰহাটৰ মাৰোৱাৰীপট্টিৰ সংঘটিত ডকাইতি কাণ্ডৰে জড়িত তিনিজনক আটক

docuit arrested

Robbery Incidents In Jorhat :

যোৰহাটৰ মাৰোৱাৰীপট্টিত দুদিনমান পূৰ্বে এজন ব্যৱসায়ীক দুৰ্বৃত্তই বাটামেৰে আক্ৰমণ কৰি লুট কৰি নিছিল ১৬ লাখকৈ টকা ৷
এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে দুৰ্বৃত্তই সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰে অভিযান । ডকাইতিৰে জড়িত ৩ জনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

যোৰহাট আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীৰ সহযোগত গোপন খবৰৰ ভিত্তিত অভিযান চলাই আজি পুৱতি নিশা শিৱসাগৰৰ পৰা তিনিওকে আটক কৰে ।ধৃত ডকাইত কেইটা হ’ল অভিজিত সৰকাৰ,উপেন সৰকাৰ, বিজিত সৰকাৰ। তিনিওৰে ঘৰ শিৱসাগৰৰ পলাশনিত।

আনহাতে ডকাইতি কাণ্ডৰে জড়িত আন দুটা দুৰ্ধৰ্ষ অপৰাধী পংকু দাস আৰু বিপ্লৱ কাকতি বৰ্তমানেও পলাতক হৈ আছে । আটকাধীন ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ৪ লাখ ৫০ হাজাৰ টকা সহ দুখন কেটিএম বাইক।

Exit mobile version