Anju Returned India:স্বামী -সন্তানক এৰি পাকিস্তানলৈ যোৱা অঞ্জু ঘূৰি আহিল ফাতেমা হৈ ভাৰতলৈ !

পাকিস্তানীৰ স'তে ফেছবুকত প্ৰেম হৈ বিবাহত বহি চাৰিমাহতে আমুৱালে বৈবাহিক জীৱন

anju 3

Anju Returned India:

চাৰিমাহ পূৰ্বে নিজৰ দুই সন্তান সহ স্বামীক এৰি ফেছবুকৰ জৰিয়তে এজন পাকিস্তানীৰে প্ৰেমত পৰি টুৰিষ্ট ভিছা লৈ এগৰাকী মহিলা গৈছিল পাকিস্তানলৈ

ADVERTISEMENT

অঞ্জু ৰাফেল নামৰ ৩৪ বৰ্ষীয় মহিলা গৰাকী ফাটিমা হৈ অৱশেষত পাকিস্তানৰ পৰা ভাৰত পালেহি বুধবাৰে ৷

উল্লেখ্য যে,অঞ্জুৰ পাকিস্তান গমনক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ ৷ বুধবাৰে অঞ্জুৱে পাঞ্জাৱৰ বাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে ৷ অঞ্জুৱে পাকিস্তানলৈ গৈ ধর্মান্তৰ হৈছিল ৷ অঞ্জুৱে ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম লয় ফাতেমা হিচাপে ৷

মনকৰিবলগীয়া যে,দুটাকৈ সন্তান আৰু স্বামীক এৰি ফেচবুকৰ জৰিয়তে চিনাকি হোৱা নসৰুল্লাস নামৰ পাকিস্তানী প্রেমিকৰে বিয়াত বহিবলৈ চলিতবৰ্ষৰ জুলাইৰ মাজভাগতে টুৰিষ্ট ভিছা লৈ পাকিস্তানত উপস্থিত হয় অঞ্জু ৰাফেল। কিন্ত চাৰিমাহৰ মূৰত পুনৰ ঘূৰি আহিল নিজ জন্মভূমিলৈ ।

বুধবাৰে বাঘা সীমান্তৰে অঞ্জুৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে বিএছএফে তেওঁক সোধপোছৰ বাবে আটক কৰি কেম্পলৈ নিয়ে । কেম্পত কে’বাঘন্টা জুৰি অঞ্জুক চোৰাংচোৱা সংস্থাৰ বিষয়াই মাৰাথন জেৰা চলায় ৷

শেহতীয়াকৈ জানিব পৰা মতে, অঞ্জুক বৰ্তমান বিএছএফৰ আতিথ্যত ৰখা হৈছে ৷ দুই এদিনতে নতুন দিল্লীত বিভিন্ন চোৰাংচোৱা এজেন্সিৰ বিষয়াই পুনৰ সোধপোছ কৰিব ।

আনহাতে,বাঘা সীমান্তৰে ভাৰতত ভৰি দিয়া অঞ্জুৱে সাংবাদিকৰে হোৱা বাৰ্তালাপত উল্লেখ কৰে যে, তেওঁ নিজ জন্মভূমিত ভৰি দি অত্যন্ত সুখী অনুভৱ কৰিছে ৷ মাতৃভূমিয়ে তেওঁক হাতবাউলি মাতিছিল বুলি উল্লেখ কৰে ৷

স্মতৰ্ৱ্য যে,অঞ্জু হঠাতে পাকিস্তানলৈ যোৱাৰ বিষয়ে গম পাই ৰাজস্থানৰ ভিৱাৰীত থকা তেওঁৰ স্বামীয়ে স্থানীয় থানাত গোচৰ ৰজু কৰিছিল ৷

ভাৰতলৈ ঘূৰি অহাৰ পাচত অঞ্জু ওৰফে ফাটেমাক স্বামী আৰু দুই সন্তানে পুনৰ আকোৱালি লব’নে ৷ এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন অঞ্জুৰ বাবে ৷

Exit mobile version