Five Thousand New EVM Machines For Assam:অসমৰ পুনৰ নির্ধাৰিত সমষ্টিৰ বাবে পাঁচ হেজাৰ নতুন ই ভি এম

evm

Five Thousand New EVM Machines For Assam:

লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰে আৰম্ভ কৰা তৎপৰতাৰ সমান্তৰালকৈ এই পৰিৱেশক গতি দিছে নির্বাচন আয়োগেও

নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ দেশজুৰি প্রস্তুতি অব্যাহত ৰখা আয়োগৰ বাবে অসমৰ পৰিৱেশ এইবাৰ অন্য ৰাজ্যতকৈ সুকীয়া। কাৰণ অসমত সমষ্টিৰ নতুন সীমাৰে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। পুনৰ নিৰ্ধাৰণৰ ফলত অসমৰ প্ৰতিটো সমষ্টিৰ সৰ্বস্তবত এইবাৰ ব্যাপক সাল-সলনি ঘটিছে।

সেয়েহে সীমা নতুনকৈ নির্ধাৰণ হোৱাত পূৰ্বৰ ভোট কেন্দ্ৰৰ ভোটাৰৰ মাজতো সাল-সলনি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হোৱাটো ইতিমধ্যে চূড়ান্ত হৈছে। আকস্মিক আৰু অতিৰিক্তক বাদ দি ৰাজ্যত এইবাৰ নতুন ভোট কেন্দ্ৰৰ সংখ্যা ৪৪০ টালৈ বৃদ্ধি হৈছে। তাৰ ফলত কেন্দ্ৰবোৰৰ নিৰাপত্তা ব্যৱস্থা পুনৰীক্ষণ ও প্রক্রিয়াও আৰম্ভ কৰা হৈছে। অসম আৰক্ষীয়ে এই প্রক্রিয়া চলাইছে।

নির্বাচন আয়োগৰ পৰামর্শ মর্মে আৰক্ষীয়ে নতুন কেন্দ্ৰ আৰু পুৰণিবো নতুন সীমাৰ কেন্দ্ৰবোৰৰ নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰাৰ মূলতে হ’ল নিৰ্বাচন আয়োগৰ তৎপৰতা।

শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচন বিভাগক অৱগত কৰিছে যে নির্বাচন প্রক্রিয়াটো সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যখনক মুঠ – পাঁচ হেজাৰ নতুন ইলেক্ট্রনিক ভোটিং মেচিন (ইভিএম) লাগিব। এইবোৰ প্ৰেৰণ প্রক্রিয়াও আয়োগে আৰম্ভ কৰিছে। আটাইবোৰ মেচিন অসম পোৱাৰ পাছত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্রথম পৰ্যায়ৰ পৰীক্ষণ প্রক্রিয়া আৰম্ভ কৰা হ’ব। ইলেকট্রিক কৰ্প’ৰেছন ইণ্ডিয়া লিমিটেডে এই ইভিএমসমূহ তৈয়াৰ কৰিছে।

প্রসংগক্রমে উল্লেখ্য যে অসমত পূর্বে ভোট কেন্দ্ৰৰ সংখ্যা আছিল ২৮,২০৫ – টা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সেই সংখ্যা বৃদ্ধি হৈছে ২৮,৬৪৫ টালৈ। ইপিনে, ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো কার্যকৰী হোৱাৰ ফলত তেওঁলোকে নিৰ্বাচনৰ লগত জড়িত আনুষংগিক অন্যান্য কে’বাটাও দিশৰ ওপৰতো চোকা দৃষ্টি ৰাখিবলগীয়া হৈছে।

বিশেষকৈ আইন শৃংখলাৰ দিশটোৰ বাবে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা নি বাহিনীৰ লগত এতিয়াৰ পৰাই সঘন যোগাযোগ ৰক্ষা কৰি চলিছে। কাৰণ পূর্বে স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা কে’বাটাও ভোট কেন্দ্ৰৰ সীমা এইবাৰ সাধাৰণতে শান্তিপূর্ণ কেন্দ্ৰৰ সীমাৰ অন্তৰ্ভুক্ত হৈছে ।

তদুপৰি চলিত ৰাজনৈতিক পৰিৱেশেও এইবাৰৰ নির্বাচন উত্তেজনাপূর্ণ কৰাৰ সম্ভাৱনা বহন কৰিছে। কাৰণ ইতিমধ্যে অসমত নির্বাচনী পৰিৱেশ গঢ়ি উঠাৰ উপৰি শেষলৈ উত্তেজনাপূর্ণ হোৱাৰ আশংকা বৃদ্ধি কৰিছে। সেয়েহে এনে পৰিবেশৰ তথ্য দেশৰ নিৰ্বাচন আয়োগক দি থাকিবলগীয়া হৈছে।

Exit mobile version