SI – Journalist Arrested In Guwahati :মহানগৰীৰ আঠগাঁৱৰ হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া সহ সাংবাদিক

দুয়োজনৰ পৰা ভৰলু আৰক্ষীয়ে জব্দ কৰে ২৫ লাখ টকা

haula scam 1

SI – Journalist Arrested In Guwahati :

হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰি জালত পৰিল আৰক্ষী বিষয়া সহ এজন বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ৷ ধৃত আৰক্ষী বিষয়াজন হ’ল ভৰলুমুখ থানাৰ উপ- পৰিদৰ্শক মোবাৰক আলী আৰু এটা ব্যক্তিগত চেনেলৰ সাংবাদিক তফিকউদ্দিন আহমেদ ৷ আৰক্ষীয়ে আটক কৰে আন এজন ব্যক্তিকো ৷

উল্লেখ্য যে,নৱেম্বৰৰ মাজভাগতে আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আঠগাঁৱৰ পৰা আটক কৰিছিল হাৱালা চক্ৰৰে জড়িত দুজন ৰাজস্থানৰ দুজন লোকক ৷ তেওঁলোকৰ পৰা জব্দ কৰা হৈছিল ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকা।

কিন্ত আচৰিতজনক ভাৱে হাৱালা চক্ৰৰে জড়িত ৰাজস্থানৰ লোক দুজনক আটক কৰাৰ পূৰ্বে এছ আই মোবাৰক আলী আৰু ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক তফিকউদ্দিন আহমেদে অতি কৌশলৰে ২৫ লাখ টকা আত্মসাৎ কৰিছিল ৷

শেহতীয়াকৈ আটকাধীন ৰাজস্থানৰ হাৱালা চক্ৰৰ দুই ব্যক্তিক আৰক্ষীয়ে জেৰাৰ সময়ত আৰক্ষী- সাংবাদিকে মিলি বৃহৎ পৰিমাৰ ধন আত্মসাৎ কৰাৰ কথা সদৰি কৰে ৷ ইয়াৰ পাছতে আজি ভৰলু আৰক্ষীয়ে আটক কৰে থানাৰে এছ আই মোবাৰক আলী আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক তফিকউদ্দিন আহমেদক ৷

Exit mobile version