Hatigaon Murder Incident:হাতীগাৱঁৰ অভিজাত ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনা

আৰক্ষীৰ জালত পৰিল বন্ধুসহ প্ৰেমিক ৰূপেশ ৰয়

ritika 1

Hatigaon Murder Incident:

মহানগৰীৰ হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো’ নামৰ অভিজাত এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ থ্ৰি- এ নম্বৰৰ ফ্লেটত মেঘালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি ইতিমধ্যে লাভ কৰিছে কেতবোৰ তথ্য ৷

উল্লেখ্য যে,মেঘালয়ৰ নংপুৰ বাসিন্দা ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকী গুৱাহাটীৰ জেট উইংছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত অধ্যয়নৰত আছিল ৷ তেওঁৰ স’তে
ফ্লেটটোত একেলগে লিভিঙত আছিল পশ্চিম বংগৰ ৰূপেশ ৰয় নামৰ যুৱকজন ৷ বিগত তেৰমাহ দিন একেলগে ফ্লেটটোত বাস কৰিছিল যুৱতী গৰাকীৰ সৈতে ৰূপেশ ।

বৃহস্পতিবাৰে যুৱতী গৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে ফ্লেটটোত উদ্ধাৰ কৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ৰূপেশ ৰয় । ইতিমধ্যে হাতীগাওঁ আৰক্ষীয়ে অভিযান চলাই আজি আটক কৰিছে ৰূপেশ ৰয় আৰু তেওঁৰ উত্তৰা খণ্ডৰ বন্ধু এজনক ৷

প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা ঋত্বিকাৰ স’তে কিবা কথাক লৈ ৰূপেশৰ বাকবিতণ্ডা হৈছিল ৷ তাৰ পাছত বৃহস্পতিবাৰে বন্ধ কোঠাত উদ্ধাৰ হৈছিল ঋত্বিকাৰ মৃতদেহ । জানিব পৰা মতে,ৰূপেশ আৰু তেওঁৰ বন্ধুজনে ঋত্বিকাক নিছিল চিকিৎসালয়লৈ ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে ,ৰূপেশ আৰু তেওঁৰ বন্ধুজনে ঋত্বিকাক হত্যা কৰিছে ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ মহানগৰীত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ কেইবাটাও চাঞ্চল্যকৰ ঘটনা ৷ অঞ্জু দৰ্জী নামৰ এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাৰ সমান্তৰালভাৱে হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়াঘৰত অনুষ্কা শইকীয়া নামৰ ধেমাজিৰ এগৰাকী বিউটীচিয়ানৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল ৷ এই দুয়োটা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই বৃহস্পতিবাৰে পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মেঘালয়ৰ ঋত্বিকাৰ মৃতদেহ ৷

Exit mobile version