LPG Cylinder Price Hike : পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম !

lpg price hike today

LPG Cylinder Price Hike :

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম । দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।

প্ৰতিটো ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ চিলিণ্ডাৰত দাম পুনৰ বৃদ্ধি পালে ২১ টকাকৈ। অৱশ্যে সাময়িক সকাহ ঘৰুৱা ৰন্ধন গেছৰ ব্যৱহাৰকাৰীসকলৰ ৷

উল্লেখ্য যে,গুৱাহাটীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’বগৈ ২০০০.৫০ টকা আনহাতে ১৯ কিলোগ্ৰামৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম দিল্লীত পূৰ্বৰ ১৭৪৯ টকাৰ বিপৰীতে এতিয়া নতুন দাম বৃদ্ধিৰ পাছত হ’বগৈ ১৭৯৬.৫ টকা। একেদৰে চেন্নাইত ১৯৬৮.০৬ টকা আৰু কলকাতাত ১৯০৮ টকা হ’ব ৷

মনকৰিবলগীয়া যে, ১৬ নৱেম্বৰত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছিল ৫৭ টকা ।

Exit mobile version