Clashes Between Two Militant Groups In Manipur: ​মণিপুৰত সোমবাৰে সংঘৰ্ষ দুই উগ্ৰপন্থী সংগঠনৰ মাজত

নিহত ১৩ জনকৈ লোক

manipur

Clashes Between Two Militant Groups In Manipur:

পুনৰ অগ্নিগৰ্ভা চুবুৰীয়া মণিপুৰ ৷ দীৰ্ঘদিনে গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হৈ থকা ৰাজ্য খনত সোমবাৰে সংঘটিত গোষ্ঠীগত সংঘৰ্ষত নিহত হয় তেৰজনকৈ ব্যক্তি ৷

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে দুপৰীয়া টেংনুপাল জিলাৰ ছাইবোলৰ কাষৰ লিথু গাঁৱত দুটাকৈ উগ্ৰপন্থী গোটৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয় ৷

ছাইবোলস্থ নিৰাপত্তাৰক্ষীৰ শিবিৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ লিথু গাঁৱৰ সংঘটিত সংঘৰ্ষত নিহত হয় তেৰজনকৈ নিৰীহ ব্যক্তি ৷ ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত আৰক্ষী – অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ তেৰটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷ সন্দেহ কৰা মতে , ব্যক্তি কেইজন কোনো উগ্ৰপন্থীৰ সদস্য ৷ স্থানীয় লোকে সদৰি কৰা মতে,তেওঁলোক স্থানীয় নহয় ৷ এই পৰ্যন্ত চিনাক্ত কৰিব পৰা মৃতদেহ কেইটা ৷

উল্লেখ্য যে, সংঘৰ্ষ জৰ্জড়িত মণিপুৰত যোৱা তিনি মে’ৰ পৰা ধাৰাবাহিকভাৱে কুকি আৰু মেইটে জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘৰ্ষ অব্যাহত আছে। ইতিমধ্যে এই সংঘৰ্ষৰ বলী হৈছে ১৮২ জন নিৰীহ লোক আৰু নিহত হয় কে’বা শতাধিক ৷ আনহাতে গৃহহীন হৈছে ৫০ হাজাৰৰো অধিক লোক ৷

মনকৰিবলগীয়া যে,দেওবাৰে সাত মাহৰ মুৰত পাৰ্বত্য ৰাজ্য খনৰ কে’বা খনো অতি স্পৰ্শকাতৰ জিলাত বন্ধ থকা ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰে ৰাজ্য চৰকাৰে ৷ অৱশ্যে ইন্টাৰনেটত নিষেধাজ্ঞা অব্যাহত থাকে সংঘৰ্ষ জৰ্জড়িত জিলা সমূহত ।

স্মতৰ্ৱ্য যে, যোৱা বৃহস্পতিবাৰে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনই ইউনাইটেড নেচনেল লিবাৰেচন ফ’ৰ্চ (ইউ এন এল এফ) এ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স’তে স্বাক্ষৰিত কৰে শান্তি চুক্তিত

Exit mobile version