Agricultural Land In Seven Districts Of Assam Is In Danger:নলবাৰী-দৰংসহ অসমৰ সাতখন জিলাৰ কৃষিভূমিলৈ বিপদঘণ্টা

জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱত কৃষিকৰ্ম উছন যাব ৩১০ জিলাত, কোকৰাঝাৰ-ধুবুৰী-বৰপেটা-মৰিগাঁও-ধেমাজিও স্পৰ্শকাতৰ

agriculture

Agricultural Land In Seven Districts Of Assam Is In Danger:

জলবায়ু পৰিৱৰ্তনৰ ব্যাপক কুপ্রভাৱে দেশৰ আন ৰাজ্যৰ লগতে অসমৰ কৃষিভূমিলৈ কঢ়িয়াই আনিছে দুৰ্যোগৰ বতৰা। বছৰটোত দুই- তিনিটা খেতি কৰা মাটি ডোখৰত অদূৰ ভৱিষ্যতে এবাৰো খেতি কৰিবলৈ উপযুক্ত হৈ নাথাকিব পাৰে।

মূলতঃ জলবায়ু পৰিৱৰ্তনৰ কুপ্রভাবৰ পৰিণতিত দেশৰ ২৮ খন ৰাজ্যৰ ৩১৫ খন জিলাক অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। এই জিলাকেইখনৰ কৃষিভূমিত অদূৰ ভৱিষ্যতে উছন হ’ব কৃষিকর্ম। প্রচণ্ড খৰাং অথবা প্রৱল বৃষ্টিপাতৰ দৰে অস্বাভাবিক বতৰৰ পৰিবর্তনে এই জিলাকেইখনৰ ভূ-খণ্ডক কৃষিকৰ্মৰ বাবে অনুপযুক্ত কৰি তুলিব বুলি ‘নেচনেল ইন’ভেচনছ অন ক্লাইমেট ৰেচিলিয়েন্ট এগ্রিকালছাৰ’ (নাইক্রা)-এ তথ্য সদৰী কৰিছে।

এই ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত উত্তৰ প্ৰদেশত সর্বাধিক সংখ্যক জিলাক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে নাইক্ৰাই। উত্তৰ প্ৰদেশৰ ২২ খনকৈ জিলা অতি উচ্চ স্পৰ্শকাতৰ আৰু ২৬ খন জিলা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।

ইফালে, জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ পৰা অসমৰ কৃষিখণ্ডও ক্ষতিগ্রস্ত হ’ব বুলি নাইক্রাই সতর্কবাণী শুনাইছে। নাইক্রাই প্রকাশ কৰা তালিকা অনুসৰি, সমগ্ৰ দেশৰ স্পৰ্শকাতৰ জিলাসমূহৰ ভিতৰত অসমৰ নলবাৰী আৰু দৰং জিলাক জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা সৰ্বাধিক প্রভাবিত জিলাকেইখনৰ ভিতৰত অতি উচ্চ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰা হৈছে।

ইয়াৰ উপৰি কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, মৰিগাঁও আৰু ধেমাজি অতি স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰা হৈছে। নাইক্রাই প্রকাশ কৰা তথ্য মতে, জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ বাবে এই স্পৰ্শকাতৰ জিলাসমূহত কৃষিকর্ম প্রতি মুহূর্ততে প্রত্যাহ্বানৰ সন্মুখীন হ’ব।

জলবায়ু পৰিৱৰ্তনত প্রত্যাহ্বান জনাব পৰাকৈ অত্যাধুনিক ব্যৱস্থা গ্রহণ নকৰিলে কৃষি উৎপাদন দিনক দিনে নোহোৱা হৈ পৰিব বুলিও বিজ্ঞানীসকলে সকীয়াই দিছে।

উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অব এগ্রিকালছাৰেল ৰিচাৰ্ছে জলবায়ু পৰিৱৰ্তনৰ ফলত দেশৰ কৃষিখণ্ড কি ধৰণে প্রভাবিত হ’ব, সেয়া উদ্‌ঘাটন কৰিবলৈ গঠন কৰি দিছিল নাইক্ৰা প্ৰকল্পৰ। তাৰ পাছৰে পৰা নাইক্ৰাৰ অধীনত সমগ্র দেশজুৰি চলিছিল জলবায়ু পৰিবৰ্তনৰ কুপ্রভাবত প্রভাবিত হ’ব পৰা জিলাসমূহৰ সন্ধান।

কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্ৰ সিং টোমৰে মঙলবাৰে লোকসভাত এই তথ্য সদৰী কৰি কয় যে নাইক্রাই জলবায়ু পৰিৱৰ্তনৰ ফলত প্রভাবিত হ’ব পৰা যিকেইখন জিলা চিনাক্ত কৰিছে তাৰ ভিতৰত অতি উচ্চ স্পৰ্শকাতৰ জিলাসমূহ হ’ল ক্ৰমে উত্তৰ প্রদেশত ২২ খন, ৰাজস্থানত ১৭ খন, বিহাৰত ১০ খন আৰু কেৰালাত আঠখন জিলা; উত্তৰাখণ্ড, ওড়িছা, মেঘালয় আৰু পঞ্জাবত পাঁচ-সাতখন জিলা; পশ্চিমবংগ, কর্ণাটক, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰৰ তিনিখনকৈ জিলা; মিজোৰাম, মধ্যপ্রদেশ, মহাবাষ্ট্র, হিমাচল প্রদেশ, গুজৰাট আৰু অসমত দুখনকৈ জিলা; ছিকিম, নগালেণ্ড, অৰুণাচল আৰু অন্ধ্রপ্রদেশত এখনকৈ জিলাক অতি উচ্চ স্পৰ্শকাতৰ জিলা হিচাপে চিনাক্ত কৰা হৈছে।

ইফালে, অতি স্পৰ্শকাতৰ জিলাসমূহৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক ২৬ খন, মধ্যপ্রদেশত ১৪ খন আৰু ওড়িছাত ১৩ খন জিলা আছে। ইফালে, পশ্চিমবংগ, কর্ণাটক, বিহাৰ আৰু ৰাজস্থানত ১০ খন বা ততোধিক জিলা; ঝাৰখণ্ড, মণিপুৰ আৰু চত্তিছগড়ত ছখনকৈ জিলা, অসমত পাঁচখন জিলা, তেলেংগানা আৰু তামিলনাডুত দুখনকৈ জিলা অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে।

মন্ত্রীজনে প্রকাশ কৰে যে এই বৃহৎ সংখ্যক কৃষিপ্রধান জিলাত কৃষিকার্য বিঘ্নিত হ’লে দেশত খাদ্য-শস্যৰ সংকট সৃষ্টি হোৱাৰ আশংকাত ইতিমধ্যে চৰকাৰে কৃষিকার্যত হ’ব পৰা বাধা দূৰ কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে।

Exit mobile version