Arseenic-Fluoride In Groundwater In 14 Districts:ৰাজ্যৰ ১৪ জিলাৰ ভূ-গর্ভস্থ পানীত মাৰাত্মক আছেনিক-ফ্ল’ৰাইড

ভাৰতীয় ভূ-তত্ত্ব সমীক্ষা বিভাগে অসমসহ আঠ ৰাজ্যত চলাব অধ্যয়ন, দেশৰ ২৫ খন ৰাজ্যৰ ২৩০ জিলাত আছেনিক

arcenic

Arseenic-Fluoride In Groundwater In 14 Districts:

কৰ্কট ৰোগকে ধৰি মানৱ দেহত ভালেমান জটিল ৰোগৰ সৃষ্টি কৰিব পৰা মাৰাত্মক আছেনিক আৰু ফ্ল’ৰাইডযুক্ত ভূ-গর্ভস্থ পানীয়ে অসমতো বিপদ ঘণ্টা বজাইছে। জল জীৱন মিছনৰ অধীনত খোৱাপানী যোগান আঁচনি স্থাপন কৰি ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰিলেও ৰাজ্যৰ অধিকাংশ স্থানতে আজিও বিকল হৈ থকা পানী যোগান আঁচনিসমূহ বগা হাতীত পৰিণত হোৱাৰ সূত্ৰে মাৰাত্মক আছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি থাকিবলগীয়া হৈছে ৰাজ্যৰ কে’বাখনো জিলাৰ লোকে।

উল্লেখ্য যে কেন্দ্রীয় জলশক্তি দপ্তৰৰ ৰাজ্য মন্ত্রী বিশ্বেশ্বৰ টুডুৱে ৰাজ্যসভাত প্রকাশ কৰা তথ্য মতে, দেশৰ ২৫ খন ৰাজ্যৰ ২৩০ খন জিলাৰ ভূ- গর্ভস্থ জলবাশিত আছেনিকৰ উপস্থিতি ধৰা পেলোৱা হৈছে। একেদৰে ২৭ খন ৰাজ্যৰ ৪৬৯ খন জিলাৰ ভূ-গর্ভস্থ পানীত আকৌ ধৰা পেলোৱা হৈছে মাৰাত্মক ফ্ল’ৰাইডৰ উপস্থিতি।

কেন্দ্রীয় মন্ত্রীজনে লগতে সদৰী কৰিছে যে দেশৰ আঠখন ৰাজ্যত আছেনিক আৰু ফ্ল’ৰাইডৰ মাত্রা তথা ইয়াৰ কাৰক উদ্ভাবনৰ বাবে জলশক্তি মন্ত্রণালয়ে ভাৰতীয় ভূ-তত্ত্ব সমীক্ষা বিভাগৰ স’তে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

এই চুক্তি অনুসৰি, আঠখন ৰাজ্য ক্রমে পঞ্জাব, হাৰিয়ানা, অন্ধ্রপ্রদেশ, উত্তৰ প্রদেশ, চত্তিছগড়, ঝাৰখণ্ড, বিহাৰ আৰু অসমত জিএছআয়ে ভূ-গর্ভস্থ জলৰাশিত মিহলি হৈ থকা আছেনিক আৰু ফ্ল’ৰাইডৰ উপস্থিতি পৰীক্ষণ কৰিব।

উল্লেখ্য যে অসমৰ ১২ খন জিলাৰ ভূ-গর্ভস্থ জলৰাশিত আছেনিক মিহলি হৈ থকাৰ বাবে যাবতীয় পৰীক্ষাৰ ভিত্তিত ইতিমধ্যে অসম চৰকাৰে তথ্য প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত সৰ্বাধিক পৰিমাণৰ আছেনিক মিহলি হৈ থকা জিলাখন হ’ল নলবাৰী। আকৌ দ্বিতীয় স্থানত আছে বাকচা জিলা আৰু তৃতীয় স্থানত আছে বৰপেটা জিলা।

ইফালে, কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শেখাৱটে ইয়াৰ পূৰ্বে লোকসভাত প্রকাশ কৰা তথ্য মতে, অসমৰ ৩৪ খন জিলাৰ ভিতৰত মুঠতে ১৪ খন জিলাৰ ভূ- গর্ভস্থ জলবাশিত আছেনিক অথবা ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পেলোৱা হৈছে।

এই ১৪ খন জিলাৰ ভিতৰত আকৌ চাৰিখন জিলাৰ ভূ-গর্ভস্থ পানীত ফ্ল’ৰাইড মিহলি হৈ থকাৰ তথ্য উদ্‌ঘাটন হৈছে। আছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি থকা দেশৰ মুঠতে ২৭,৫৪৪ টা পৰিয়ালৰ ভিতৰত ৩.৮৮১ টা পৰিয়ালেই অসমৰ।

অসমত ১৪ খন জিলাত আছেনিক আৰু ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত এই জিলাসমূহত জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও সদনৰ মজিয়াত প্ৰকাশ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, প্রতি লিটাৰ পানীত সর্বাধিক ১০ পিপিবি অথবা ০.০১ এমজি আছেনিক আৰু প্রতি লিটাৰ পানীত ১ এমজি ফ্ল’ৰাইড মিহলি হৈ থাকিলে তেনে পানী সেৱন কৰিলে স্বাস্থ্যৰ কোনো অপকাৰ নহয়। ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই আন এখন প্রতিবেদনত এই কথাও কৈছে যে ০.১৭ পিপিবি পর্যন্ত আছেনিক থকা পানী নিয়মীয়াকৈ সেৱন কৰিলে কৰ্কট ৰোগৰ কাৰক হ’ব পাৰে।

ইফালে, নিয়মীয়াকৈ আছেনিকযুক্ত পানী সেৱনকৰিলে হৃদৰোগ আৰু মধুমেহ ৰোগাক্রান্ত হ’ব পাৰে মানৱ দেহ। ইফালে, শিশু অবস্থাত এনে পানী সেবন কৰিলে বিভিন্ন শাৰীৰিক বিসংগতিৰ সৃষ্টি হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে।

Exit mobile version