CM Pressmeet In Janata Bhawan:অপৰাধজনিত ঘটনা সন্দৰ্ভত এনচিআৰবিয়ে প্ৰকাশ কৰা ৰিৰ্পটত সম্পৰ্কত

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, ৰাজ্যত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা:মুখ্যমন্ত্ৰী

cm pressmeet

CM Pressmeet In Janata Bhawan:

অপৰাধজনিত ঘটনা সন্দৰ্ভত এনচিআৰবিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ৰিৰ্পট সম্পৰ্কত আজি জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে।

মুখ্যমন্ত্ৰীয়ে কয়,এনচিআৰবিৰ তথ্য অনুসৰি ৰাজ্যত পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে অপৰাধজনিত ঘটনা ৷ ‘২০২১ত প্রতি ১ লাখৰ বিপৰীতে ৩৪১টা অপৰাধ আছিল’ ৷ একেদৰে ‘২০২২ত প্রতি ১ লাখত অপৰাধমূলক ঘটনা হ্ৰাস পাই ১৯৪লৈ ৷

উল্লেখ্য যে,’২০২১ ত ১ লাখ ৩৩ হাজাৰ ২৯৩টা গোচৰ লিপিবদ্ধ হোৱাৰ বিপৰীতে ২০২২ ত ৬৮ হাজাৰলৈ হ্রাস পাই অপৰাধজনিত ঘটনা’৷ আনহাতে ২০২২ত অপৰাধজনিত ঘটনা একেকোবে হ্ৰাস পায় ১৪ হাজাৰলৈ ৷ চলিত ২০২৩ বৰ্ষত গোচৰৰ সংখ্যা হ্রাস পাই ৫৬,২০২টালৈ ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,ৰাজ্য খনত বিগত ২০২০ত সংঘটিত হোৱা অপৰাধজনিত ঘটনাৰ সংখ্যা আছিল ১,২১,৬০৯টা ৷ বিগত ২০২০ ৰ পৰা চলিত বৰ্ষলৈকে বিভিন্ন অপৰাধজনিত গোচৰৰ পৰিসংখ্যা দাঙি ধৰে এইদৰে ৷ সেই অনুসৰি ২০২০ – হত্যাৰ গোচৰ ১,১৩১টা,২০২১ – হত্যাৰ গোচৰ ১,১৯২টা, ২০২২ – অপৰাধজনিত গোচৰ ১,০৭২টা,২০২৩ ত  ৮২৯টা,২০২০ – মহিলা অপৰাধজনিত গোচৰ ২৬,৩৫২টা,২০২১ ত  ২৯,০৪৬টা, ২০২২ – অপৰাধজনিত গোচৰ ১৪,১৪৮টা,২০২৩  ত  ৭,৪৫৩টা,২০২০ – শিশু অপৰাধজনিত গোচৰ ৪,৬২২টা,২০২১  ত ৫,২৮২টা,২০২২  শিশু অপৰাধজনিত  ৪,০৮৪টা,২০২৩ ত  ৬,১৭১টা ৷

আনহাতে বাল্য বিবাহৰ ঘটনাৰ সংখ্যা ৫,৩৭০টা ৷ ২০২০ – মানৱ সৰবৰাহজনিত গোচৰ১২৪টা,২০২১ ত ২০৩টা,২০২২ত১৪০টা আৰু ২০২৩ ত ৮৭ টা ৷

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অপৰাধৰ ক্ষেত্ৰত অসম স্থান ৯ নম্বৰৰ পৰা ২০ নম্বৰলৈ নামিল বুলি উল্লেখ কাি কয় পূৰ্বে অপৰাধৰ ক্ষেত্ৰত ৯ নম্বৰত আছিল অসম।

আনহাতে মহিলাৰ অপৰাধজনিত ঘটনাৰ ক্ষেত্ৰত প্ৰথম স্থানৰ পৰা সপ্তম স্থানলৈ নামিল অসম। আগন্তুক তিনিটা বৰ্ষৰ ভিতৰত বাল্যবিবাহ অসমৰ পৰা নাইকিয়া হ’ব বুলি মন্তব্য কৰে ৷

Exit mobile version