Fake Glod Boat Seized In Bangagarh:নকল সোণৰ নাও সহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ গুৱাহাটীত

ধৃত সৰবৰাহকাৰীটোৰ নাম দিলোৱাৰ হুছেইন

paddlar arrested

Fake Glod Boat Seized In Bangagarh:

নকল সোণৰ নাও সৰবৰাহ কৰিবলৈ আহি গুৱাহাটীত গ্ৰেপ্তাৰ সৰবৰাহকাৰী । অসম আৰক্ষীৰ এছ আই টিৰ এটা দলে বিশেষ খবৰৰ ভিত্তিত ভঙাগড়ত অৰ্তকিতে অভিযান চলাই নকল সোণৰ নাও সহ লখিমপুৰৰ বিহপুৰীয়াৰ দিলোৱাৰ হুছেইন নামৰ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জেৰাত সৰবৰাহকাৰীটোৰে সদৰি কৰা মতে লখিমপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল নকল সোণৰ জব্দকৃত নাওখন।

উল্লেখ্য যে ,শেহতীয়াকৈ নকল সোণৰ নাও আৰু নকল নোটৰ সৰবৰাহৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লখিমপুৰৰ নাওবৈছা আৰু বঙালমাৰা ৷

Exit mobile version