Assam Police Has Made Massive Promotions:অসম আৰক্ষীত ব্যাপক পদোন্নতি

চাৰি আই পি এছ বিষয়াক দিয়া হয় পদোন্নতি

janata bhawan 1

Assam Police Has Made Massive Promotions:

বক্ৰপথেৰে অসম আৰক্ষীত ৰাজপত্ৰিত বিষয়া ৰূপে যোগদান কৰা সন্দৰ্ভত ইতিমধ্যে চি আই ডিয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে অসম আৰক্ষীত কে’বাজনো আই পি এছ বিষয়াক পদোন্নতি কৰে গৃহ আৰু ৰাজনৈতিক বিভাগে ৷

সেই অনুসৰি ডিমা হাচাওৰ এছ পি মায়ং কুমাৰ, ডেপুটেচনত থকা সুমিত শৰ্মা আৰু ডিব্ৰুগড়ৰ এছ পি শ্বেতাংগ মিশ্ৰই লাভ কৰে পদোন্নতি ৷ একেদৰে পদোন্নতি লাভ কৰে দুৰ্নীতি নিবাৰকৰ এছ পি ৰূপে কৰ্মৰত বৰুণ পুৰকায়স্থই ৷

উল্লেখ্য যে, গৃহ বিভাগে জাৰি কৰা নিদেৰ্শনা অনুসৰি এই পদোন্নতি অহা বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব ৷ অৱশ্যে বিষয়া কেইগৰাকীয়ে পৰৱৰ্তী নিৰ্দেশ নহালৈকৈ কৰিব লাগিব অপেক্ষা ৷

আনহাতে বোকাখাত আৰু ৰঙিয়া মহকুমা আৰক্ষী বিষয়া( এছ ডি পি অ )ৰূপে কৰ্মৰত আইপিএছ বিষয়াদ্বয় আৰ এছ কুমাৰ আৰু সৃজল আগৰৱালাক পদোন্নতি সহ আই পিএছ ৰ চিনিয়ৰ টাইম স্কেল পদলৈ ১১ লেভেললৈ কৰা হয় উন্নীত । এই চিনিয়ৰ টাইম স্কেল পোৱাৰ লগে লগে বিষয়া সকলে লাভ কৰিব উচ্চহাৰত দৰ্মহা ৷

Exit mobile version