Batadova Police Station:বটদ্ৰৱাত খকুৱা পুলিচৰ কাণ্ড !

হাঁহ, কুকুৰা নিদিলে নকৰে তদন্ত, দিব লাগে তেল খৰচো, বটদ্ৰৱা থানাৰ উপ-পৰিদৰ্শক পিংকু ফুকনৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগী এটা পৰিয়ালৰ

dgp office

Batadova Police Station:

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ শূন্য সহনশীলতা নীতি কাৰ্য্যত: ফুটুকাৰ ফেনহে পৰিণত হৈছে ৷

খকুৱা আৰক্ষীৰ বিৰুদ্ধে যিমানেই কঠোৰস্থিতি লোৱা বুলি ডিজিপি জি পি সিঙে দাবী নকৰক কিয় সেই দাবীক বুঢ়া আঙুলি দেখুৱাই একাংশ ঘোচখোৰ আৰক্ষীয়ে এতিয়াও বীৰদৰ্পে চলাই গৈছে নিজৰ কুকীৰ্তি৷ এৰা নাই নিজৰ খকুৱা স্বভাৱ ৷

শেহতীয়াকৈ নগাঁৱৰ বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধে উদ্থাপিত হৈছে কেতবোৰ গুৰুত্বৰ অভিযোগ ৷ হাঁহ, কুকুৰা নিদিলে নকৰে তদন্ত ৷ একেদৰে তদন্ত কৰিবলৈ দিব লাগে পেট্ৰল ৷

বটদ্ৰৱা থানাৰ উপ-পৰিদৰ্শক পিংকু ফুকনৰ বিৰুদ্ধে এই অভিযোগ উদ্থাপন কৰিছে বটদ্ৰৱাৰ ৰামপুৰৰ তাফাজ উদ্দিনৰ পৰিয়ালে ৷ উপ-পৰিদৰ্শকজনে ঘটনা এটাৰ গোচৰ ৰজু কৰাৰ নামত তেওঁলোকৰ পৰা লয় হাঁহ, কুকুৰা আৰু তেল খৰচৰ নামত লয় ৫০০ টকা ৷

এনেবোৰ উদ্থাপিত অভিযোগ সন্দৰ্ভত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নাকী লগাব পাৰিবনে এইচাম খকুৱা আৰক্ষীক ৷

Exit mobile version