Cm Himanta Biswa Sarma:মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে ২৩ গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন

শিষ্ট সাংবাদিক - কথা সাহিত্যিক হোমেন বৰগোহাঞিৰ ওপজাদিন উপলক্ষ্যত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ বিশেষ আয়োজন 

sahitya award

Cm Himanta Biswa Sarma:

বিশিষ্ট সাংবাদিক – কথা সাহিত্যিক হোমেন বৰগোহাঞিৰ ওপজাদিন উপলক্ষ্যত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আয়োজন কৰে বিশেষ কাৰ্যসূচী ৷

দিছপুৰস্থ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰে কথা সাহিত্যিক গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায় আয়োজন কৰা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ২৩ গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন প্ৰদান কৰে ৷

পেঞ্চন প্রাপক সাহিত্যিকসকল হ’ল ক্ৰমে সীতাৰাম বসুমতাৰী-বাকসা,জয়া দেব-কাছাৰ,চম্পা লাল সিনহা-কাছাৰ,বগেন গগৈ -ধেমাজি,অনুপমা নাইদিং-ডিমা হাচাও,ড° পৰিতোষ চক্ৰৱৰ্তী-গোৱালপাৰা,ড° মলীনা ৰাভা-গোৱালপাৰা,
জুলা শর্মা-গোলাঘাট,চেনিৰাম গগৈ-গোলাঘাট,ড° মালিনী-যোৰহাট,ড° অকণ চন্দ্র শইকীয়া-যোৰহাট, বিনন্দ শর্মা পূজাৰী-যোৰহাট,ৰায়লক্ষ্মী খাউণ্ড-কামৰূপ (মঃ),অনিল কুমাৰ বৰুৱা-কামৰূপ (মঃ),ডাঃ নন্দিতা দেৱী-কামৰূপ (মঃ),জয়ন্ত মাধৱ বৰা-কামৰূপ (মঃ),ৰেণুকা বিশ্বাস-কামৰূপ (মঃ),প্রতিমা নন্দী নাৰ্জাৰী-কোকৰাঝাৰ,বিজয় ৰবি দাস-শিৱসাগৰ,দিলীপ কুমাৰ বৰা-শোণিতপুৰ,জ্ঞান বাহাদুৰ ক্ষেত্ৰী-গোলাঘাট,সুমিত্রা গোস্বামী-কামৰূপ (মঃ), মোহন সোণোৱাল- ডিব্ৰুগড় ৷

Exit mobile version