Police Encounter In Dergaon: ৰাজ্যত পুনৰ এনকাউন্টাৰ !

দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী লাগান চাহানী, বহু কেইটা চুৰিকাণ্ডৰে জড়িত আছিল চাহানী, পূৰ্বতে বহুবাৰ আছিল জেলত

theft encounter in dergaon

Police Encounter In Dergaon:

অপৰাধীৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰ হুংকাৰৰ পাছতে আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

ইয়াৰ মাজতে পুনৰ সংঘটিত হ’ল এনকাউণ্টাৰ ৷ ৰাজ্যত ইতিমধ্যে ইটোৰ পাছত সিটোকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে এইবাৰ দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত হয় লাগান চাহানী নামৰ গভাইত চোৰ ৷

উল্লেখ্য যে, যোৱা কে’বাদিনো ধৰি দেৰগাঁৱত ইটোৰ পাছত সিটোকৈ কেইবাটাও চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈ আহিছিল ৷ চুৰিকাণ্ডৰে জড়িত অপৰাধীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছিল যদিও ফলৱতী হোৱা নাছিল ।

কিন্ত দেওবাৰে দিনৰ ভাগত বিশেষ সুত্ৰৰ পমখেদি ডেৰগাওঁ আৰক্ষীয়ে কুখ্যাত চোৰ লাগান চাহানীক আটক কৰিবলৈ সক্ষম হয় ৷ নিশা লাগানক লগত লৈ ভিন্ন স্থানত অভিযান চলাই থকা অৱস্থাতে চুৰি সামগ্ৰী দেখুৱাই দিয়াৰে অচিলাৰে লাগান চাহানীয়ে এটা মোনাৰ পৰা হঠাতে পিষ্টল উলিয়াই আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতে নিহত হয় গভাইত চোৰটো ৷

আৰক্ষীয়ে অভিযানৰ সময়ত উদ্ধাৰ কৰে কেতবোৰ চুৰি সামগ্ৰীৰ লগতে ৭.৬৫ এম এম ৰিভলভাৰ,এটা মেগজিন সহ দুই ৰাউণ্ড সক্ৰিয় গুলী,নগদ ৫০ লাখ টকা ৷ লগতে উদ্ধাৰ কৰে চোৰটোৱে ব্যৱহাৰ কৰা এখন মটৰ চাইকেল ৷

স্মতৰ্ৱ্য যে, লাগান চাহানী পূৰ্বে বহু কেইটা চুৰিকাণ্ডৰে জড়িত হৈ কে’বাবাৰো কাৰাবাস ঘাটিছিল ৷ কিন্ত জেলৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পাছত পুনৰ নামি পৰে চুৰি কাৰ্যত ৷ আৰক্ষীৰ বাবে মুৰৰ কামৰোণি আছিল গভাইত চোৰ লাগান চাহানী ।

Exit mobile version