Veteran Actor Jayanta Das Hospitalized In Critical Condition::গুৰুতৰভাৱে অসুস্থ জনপ্রিয় অভিনেতা জয়ন্ত দাস

সংকটজনক অৱস্থাত ভৰ্তি এপল' হাস্পতালত, অভিনেতাজনৰ প্রয়োজন বহু পৰিমাণৰ ব্লাডৰ, ব্লাড বিচাৰি ৰাইজলৈ আহ্বান পৰিয়ালৰ

jayanta das ill

Veteran Actor Jayanta Das Hospitalized In Critical Condition:

জনপ্রিয় অভিনেতা জয়ন্ত দাস গুৰুতৰভাৱে অসুস্থ ৷ ইতিমধ্যে পৰিয়ালৰ লোকে শনিবাৰে সংকটজনক অৱস্থাত ভৰ্তি কৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এপল’ হাস্পতালত ৷

বৰ্তমান এপল’ৰ আইচিইউত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত থকা প্ৰৱীণ অভিনেতাগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু পৰিমাণৰ তেজৰ ৷

প্ৰয়োজনীয় তেজৰ বাবে পৰিয়ালৰ লোকে আজি সদাশয় লোকলৈ আহ্বান জনাই উল্লেখ কৰে যে ,কোনো ব্যক্তিয়ে তেজ দিব বিচাৰিলে সুন্দৰপুৰ ব্লাড বেংকত ব্লাড দিব পাৰে ৷

বহু কেইখন অসমীয়া চিনেমা ,ধাৰাবাহিক বিশেষকৈ সকলোৰে মাজত জনপ্ৰিয় হোৱা ‘ভাড়াঘৰ’ ধাৰাবাহিক ৰ অন্যতম কাকতিৰ চৰিত্ৰ ৰূপায়ণ কৰা জয়ন্ত দাসৰ অসুস্থতাৰ খবৰ শুনি তেওঁৰ অনুৰাগী,শুভাকাংক্ষীয়ে শীঘ্ৰে আশু আৰোগ্য কামনা কৰে ৷

Exit mobile version