Deadbody Recovered In Lachit Nagar:মহানগৰৰ লাচিত নগৰত বন্ধ কোঠাত উদ্ধাৰ উৱলি যোৱা মৃতদেহ

দুদিন পূৰ্বেই লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ, লোকজনক পত্নীয়ে এৰি গুচি গৈছিল, পুত্ৰ থাকে বিদেশত

Deadbody Recovered In Lachit Nagar:

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ উদ্ধাৰ। লাচিত নগৰৰ এটা বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ।

মৃত লোকজনৰ নাম ৰূপম গোস্বামী। পেছাত এসময়ত প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল ৷ বহুদিনৰ পূৰ্বে পত্নীয়ে এৰি থৈ যোৱাৰ পাছৰে পৰা বাসগৃহটোত অকলেই বাস কৰিছিল লোকজনে ৷

আনহাতে লোকজনৰ একমাত্ৰ পুত্ৰ থাকে বিদেশত। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ৷ আৰক্ষীয়ে সন্দেহ , দুদিন পূৰ্বেই লোকজনৰ মৃত্যু হৈছে ৷ একেদৰে তেজৰ চেকোৰা মৃতদেহটোৰ কাষত স্পষ্ট ৰূপত পৰিস্ফুট হোৱাত ঘটনাটো ৰহস্যজনক কৰি তুলিছে । আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

Exit mobile version