Dima Hasao Autonomous Council Polls Announced:ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচনৰ দিন ঘোষণা

৮ জানুৱাৰীত অনুষ্ঠিত হ’ব নির্বাচন

haflong

Dima Hasao Autonomous Council Polls Announced:

পাহাৰীয়া জিলা ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন মঙলবাৰে ৰাজ্যিক নিৰ্বচনী বিষয়াই এক সংবাদমেল যোগে ঘোষণা কৰে ৷

সেই অনুসৰি স্বায়ত্ত শাসিত পৰিষদ খনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৮ জানুৱাৰীত ৷ ২৮ খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ভোটদান কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী ৷

স্বায়ত্ত শাসিত পৰিষদ খনৰ এলেকাধীন ২৮০ টা ভোটকেন্দ্রত অনুষ্ঠিত হ’ব নির্বাচন৷ এই নিৰ্বাচন অনুষ্ঠিত হ’ব বেলটৰ মাধ্যমেৰে ৷ ৮ জানুৱাৰীৰ ভোট গ্ৰহণ দিনা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব পুৱা ৮ বজাৰ পৰা ৷

আনহাতে ৰাজ্যিক নিৰ্বাচন বিভাগে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠাত কৰাৰ বাবে প্রতিটো ভোট কেন্দ্ৰত নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে মাইক্ৰ’ পর্যৱেক্ষক ৷

স্বায়ত্ত শাসিত পৰিষদ খনৰ নিৰ্বাচনৰ ভোট গণনা হ’ব ১২ জানুৱাৰীত ৷ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে ২২ ডিচেম্বৰ ৷

উল্লেখ্য যে,নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা প্রার্থীয়ে নিৰ্বাচনী ব্যয় সর্বাধিক ৪ লাখ ২৫ হাজাৰ টকা কৰিব পাৰিব বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যিক নিৰ্বচনী বিষয়াই ৷

Exit mobile version