Lanka Police Sezied 400 Anroid Mobile:লংকা আৰক্ষী থানাত বস্তাই বস্তাই ম’বাইল

ম'বাইল বিচাৰি বিভিন্নজনৰ ভিৰ থানা চৌহদত

mobile 1

Lanka Police Sezied 400 Anroid Mobile:

আপোনাৰ যদি ম’বাইল হেৰাইছে বা কোনোৱে চোৰ কৰিছে ৷ তেন্তে এবাৰলৈ আহক এখন থানালৈ ৷কিয়নো থানা খনত বস্তাই বস্তাই ওলাইছে ম’বাইল ৷

প্ৰায় চাৰি শতাধিক ম’বাইল থানাৰ এটা কোঠালিৰ মজিয়াত শাৰি শাৰিকৈ সজাই থোৱা হৈছে ৷ মাত্ৰ প্ৰয়োজনীয় নথি-পত্ৰ প্ৰমাণ সহকাৰে দাঙি ধৰিলেই হয়তো আপোনাৰ চুৰি ম’বাইলটো পলকতে লাভ কৰিব পাৰিব ৷

উল্লেখ্য যে,হোজাই জিলাৰ লংকা আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বিভিন্নস্থানত অৰ্তকিতে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় চাৰি শতাধিক চুৰি ম’বাইল ৷ লগতে ম’বাইল চুৰিৰে জড়িত থকা সাতজন গভাইত চোৰক আটক কৰে আৰক্ষীয়ে ৷

মনকৰিবলগীয়া যে,লংকাত বিভিন্ন সময়ত সংঘটিত হৈ আহিছিল ম’বাইল চুৰিৰ ঘটনা ৷ যাৰবাবে বিভিন্নজনে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মাৰাথন অভিযান চলাই বৃহৎ সংখ্যক ম’বাইল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা কাৰ্যক সকলোৱে প্ৰশংসাৰে ওপচাইছে আৰক্ষীক ৷

আনহাতে লংকা থানাত বস্তাই বস্তাই ম’বাইল উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পাছতে ম’বাইল বিচাৰি এতিয়া বিভিন্নজনে ভিৰ কৰিছে লংকা আৰক্ষী থানাত।

Exit mobile version