CM Vigilance Searches Kamrup(M) ADC Sukanya Bora’s Gandhibasti Residence:
বহুচৰ্চিত সাংসদ পুঁজিৰ কেলেংকাৰীৰে জড়িত হৈ থকাৰ অভিযোগত ইতিমধ্যে নিলম্বিত হোৱা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ মহানগৰীৰ গান্ধীবস্তিৰ বাসগৃহত মঙলবাৰে পুৱাৰে পৰা চি এম ভিজিলেঞ্চে অভিযান চলাই।
উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ২০২১-২২ বিত্তীয় বৰ্ষত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী ৷ চিএম ভিজিলেঞ্চ তদন্তক্ৰমে এই কেলেংকাৰী পোহৰলৈ অনাৰ পাছতে অতিৰিক্ত জিলা আয়ুক্ত গৰাকীক মাৰাথন জেৰা চলাই চি এম ভিজিলেঞ্চে ৷
ইয়াৰ পাছতে ৰাজ্য চৰকাৰে নিলম্বন কৰে এডিচি সুকন্যা বৰাক ৷ উদ্থাপিত অভিযোগ অনুসৰি উল্লিখিতবৰ্ষৰ বাবে সাংসদ পুঁজিৰ বাবে যি ধন মুকলি কৰা হৈছিল ৷ সেই ধন সমুলঞ্চে উদৰস্থ কৰিছিল এডিচি সুকন্যা বৰা সহ এটা চক্ৰই ৷
মনকৰিবলগীয়া যে, চৰকাৰী নথিত পথ নিৰ্মাণৰ দেখুওৱা হৈছিল যদিও পৰৱৰ্তী সময়ত চি এম ভিজিলেঞ্চে পথ নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰি ক’তো দেখা নাপালে পথৰ চিনচাৱ ৷ আনকি উন্নয়নমূলক কামৰ একো দেখা নাপালে ভিজিলেঞ্চে ৷
বৰং উন্নয়নমূলক কামৰ সকলো ধন উদৰস্থ কৰিছিল সুকন্যা কোং এণ্ড কোম্পানীয়ে ৷ যাৰবাবে সাংসদ পুঁজিৰ ধন হজম কৰাৰ অভিযোগত নিলম্বন হোৱাই নহয় সম্প্ৰতি ৰঙাঘৰৰ আলহী সুকন্যা বৰা ৷
মঙলবাৰে আয়ৰ বিপৰীতে অধিক সম্পত্তি থকা গোচৰত সুকন্যা বৰাৰ গান্ধীবস্তীস্থ বাসগৃহত চিএম ভিজিলেঞ্চে তালাচি চলায় ৷ প্ৰাপ্ত খবৰ অনুসৰি ভিজিলেঞ্চে বৰাৰ ছয়মাইলত থকা আন এটা গৃহটো তালাচি চলাব ৷