ME Madrassa Renamed As ME School:ৰাজ্যৰ ১,২৮১খন এম ই মাদ্রাছাক এম ই বিদ্যালয় নামেৰে নামাকৰণ

ধুবুৰীত সৰ্বাধিক ২৬৯,নগাঁৱত১৬৫,বৰপেটাত ১৫৮, ধর্মীয় পাঠদানৰ পৰিৱৰ্তে সাধাৰণ পাঠ্যপুথিৰে পাঠদান কৰা হ'ব, ২২ জিলাৰ মাদ্ৰাছাৰ পৰিচয় সলনি কৰি শিক্ষা বিভাগৰ নির্দেশনা

madasaha 1

ME Madrassa Renamed As ME School:

মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দি ইয়াক সাধাৰণ চৰকাৰী বিদ্যালয়লৈ ৰূপান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কৰা ঘোষণা কাৰ্যকৰী কৰি আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ অহা ১,২৮১খন মাদ্ৰাছাক চৰকাৰী বিদ্যালয়লৈ ৰূপান্তৰৰ নিৰ্দেশ জাৰি কৰিছে।

পূৰ্বে মাদ্রাছা শিক্ষা সঞ্চালকালয়ৰ অধীনত কেৱল ধর্মীয় শিক্ষা প্ৰদানৰ উদ্দেশ্যে চলি অহা প্রায় তিনি হেজাৰ পঞ্জীয়নভুক্ত বা পঞ্জীয়ন নকৰা মাদ্ৰাছা ৰাজ্যখনত আছিল। ৰাজ্য চৰকাৰে আজি এক নির্দেশযোগে চৰকাৰৰ দ্বাৰা পৰিচালিত মাদ্ৰাছাসমূহৰ ভিতৰত ২২খন জিলাত থকা সর্বমুঠ ১,২৮১খন এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰিছে।

প্রাথমিক শিক্ষা বিভাগৰ সঞ্চালকৰ দ্বাৰা স্বাক্ষৰিত এই নির্দেশনাটোত সংশ্লিষ্ট ১,২৮১খন পূৰ্বৰ এম ই মাদ্ৰাছাক এম ই বিদ্যালয় নামেৰে নামাংকিত কৰি সংশ্লিষ্ট বিদ্যালয়সমূহৰ তালিকা প্রকাশ কৰিছে।

প্রকাশিত তালিকা অনুসৰি ধুবুৰী জিলাত সর্বাধিক সংখ্যক ২৬৯খন পূৰ্বৰ, এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়। উল্লেখ্য যে প্রাথমিক শিক্ষা সঞ্চালকে দিয়া এই নির্দেশনাত উল্লেখ কৰা হৈছে যে প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ উচ্চ প্রাথমিক বিদ্যালয় ‘এম ই মাদ্রাছা’সমূহ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ‘এম ই বিদ্যালয়’ ৰূপে পৰিচিত হ’ব।

এম ই মাদ্রাছাসমূহক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ প্ৰসংগত শিক্ষা বিভাগে এই কথাও স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰে পূৰ্বে সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত মাদ্রাছাক ধর্মীয় শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে একো একোখন বিদ্যালয়লৈ ৰূপান্তৰ কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু এনে বিদ্যালয়সমূহক ছেবাৰ অধীনত সামৰি লোৱাৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল।

এই পৰিকল্পনাৰ অংশৰূপে ১,২৮১খন এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়। তালিকা অনুসৰি ধুবুৰীত সর্বাধিক ২৬৯খন এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰৰ বিপৰীতে নগারত দ্বিতীয় সর্বাধিক ১৬৫ খন, বৰপেটাত তৃতীয় সর্বাধিক ১৫৮খন এম ই মাদ্রাছাক ৰাজ্য চৰকাৰৰ অধীনস্থ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়।

ইফালে, বজালীত ১৩খন, বিশ্বনাথত এখন, বঙাইগাঁৱত ৬৩খন, কাছাৰত ৪৭খন, দৰঙত ৪২ খন, গোৱালপাৰাত ১৯৯খন, গোলাঘাটত দুখন, হাইলাকান্দিত ৮৬খন, হোজাইত ৩৫খন, যোৰহাটত এখন, কামৰূপ মহানগৰ জিলাত এখন আৰু কামৰূপ গ্রাম্য জিলাত ৫৭খন এম ই মাদ্রাছা বন্ধ কৰি দি এতিয়াৰ পৰা এনে মাদ্ৰাছাসমূহক শিক্ষা বিভাগৰ অধীনস্থ সাধাৰণ বিদ্যালয় ৰূপে স্বীকৃতি দিয়া হয়।

একেটা নির্দেশনাতে কৰিমগঞ্জ জিলাত ৪৫খন মাদ্ৰাছা, লখিমপুৰ জিলাত ১৮খন, মৰিগাঁৱত ৬৬খন, নলবাৰীত ২৯খন, শিৱসাগৰত দুখন, শোণিতপুৰত পাঁচখন আৰু দক্ষিণ শালমাৰা-মানকাচৰত ৭৫ খন এম ই মাদ্ৰাছা ভংগ কৰি দি এই মাদ্ৰাছাসমূহক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এম ই বিদ্যালয়ৰ স্বীকৃতি দিয়া হয়।

ইয়াৰ ফলত এতিয়াৰে পৰা এই মাদ্ৰাছাসমূহত পূৰ্বৰ দৰে ধৰ্মীয় বিষয়বস্তুৰ পাঠদানৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক আন চৰকাৰী প্ৰাথমিক – মজলীয়া বিদ্যালয় সমূহৰ দৰে স্বাভাৱিক পাঠ্যপুথিৰে কৰা হ’ব ৷

Exit mobile version