CM Vigilance Raid In Retired Engineer House :মহানগৰীৰ গান্ধীবস্তিত চিএম ভিজিলেন্সৰ মাৰাথন অভিযান

অৱসৰপ্ৰাপ্ত অভিযন্তা ছামেদ আলীৰ পূব শৰণীয়া লালমাটিপথৰ বাসগৃহত অভিযান, অভিযন্তাজনৰ বিৰুদ্ধে নামে-বেনামে অগাধ সম্পত্তি গঢ়াৰ অভিযোগ

vigilance raid 1

CM Vigilance Raid In Retired Engineer House :

মহানগৰীৰ এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তাৰ বাসগৃহত শুক্ৰবাৰে পুৱাৰে পৰা চিএম ভিজিলেঞ্চৰ মাৰাথন অভিযান ৷

অৱসৰপ্ৰাপ্ত অভিযন্তা চামেদ আলীৰ বিৰুদ্ধে নামে-বেনামে অগাধ সম্পত্তি গঢ়াৰ অভিযোগ উদ্থাপিত হোৱাৰ পাছতে আলীৰ আয় বৰ্হিভূত সম্পত্তিৰ বিৰুদ্ধে আজি চি এম ভিজিলেঞ্চে অভিযোগ চলাই ৷

উল্লেখ্য যে, লোকনিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ শাখাত কাৰ্যবাহী অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চামেদ আলী অধিক সময়কাল কৰিমগঞ্জত চাকৰি কৰি সোঁৱে- বাঁওে অগাধ সম্পত্তি আহৰণ কৰিছিল ৷ ২০২২ বৰ্ষত অৱসৰ গ্ৰহণ কৰে আলীয়ে ৷

শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত অভিযন্তাজনে নামে – বেনামী অগাধ সম্পত্তি আহৰণ কৰাৰ উৎস কি এই সন্দৰ্ভত এগৰাকী বিধায়কে চি এম ভিজিলেঞ্চত গোচৰ ৰজু কৰে ৷
ইতিমধ্যে চি এম ভিজিলেঞ্চ অৱসৰপ্ৰাপ্ত অভিযন্তা চামেদ আলীৰ বিৰুদ্ধে ৯/২০২৩ গোচৰ পঞ্জীয়ন কৰে ৷ আজি পুৱাৰে পৰা অভিযন্তাজনৰ মহানগৰীৰ তিনিস্হানত থকা কে’বাটাও বাসগৃহত অভিযান চলাই ।

প্ৰাপ্ত তথ্য অনুসৰি অৱসৰপ্ৰাপ্ত অভিযন্তা আলীৰ মহানগৰীৰ গান্ধীবস্তুীস্থ নিজবাসৰ ওচৰতে আছে সুবিশাল ফ্লেট৷একেদৰে সৰুমটৰীয়া আৰু জোনালীতো আছে বৃহৎ ভুমি ৷

মনকৰিবলগীয়া যে,২০২২ ত অৱসৰ গ্ৰহণৰ পাছতে আলীয়ে সৰুমটৰীয়াত নিৰ্মাণ কৰিছিল সুউচ্চ অট্টালিকা৷ আজি চি এম ভিজিলেঞ্চে অভিযান চলাই চামেদৰ বাসগৃহৰ পৰা বহু ঠাইত থকা তেওঁৰ স্থাৱৰ- অস্থাৱৰ মাটি সম্পত্তিৰ নথিপত্ৰ আৰু বেংক পাছবুক জব্দ কৰিছে ৷ আনহাতে ভিজিলেঞ্চ আলীৰ সুবিশাল অট্টালিকাৰ জোখ-মাপ লয় ৷

চি এম ভিজিলেঞ্চৰ সুত্ৰে জানিব পৰা মতে,চামেদ আলীৰ সৰুমটৰীয়াস্থ নিৰ্মীয়মাণ অট্টালিকাতো অভিযান চলাব ৷

Exit mobile version